Product SiteDocumentation Site

Red Hat Enterprise Linux 6

Release Notes

Red Hat Enterprise Linux 6.4 ৰ বাবে উন্মোচন টোকাসমূহ

Edition 4


Legal Notice

Copyright © 2012 Red Hat, Inc.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
 RaleighNC 27606-2072 USA
 Phone: +1 919 754 3700
 Phone: 888 733 4281
 Fax: +1 919 754 3701

Abstract
উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.4 ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux ত 6.4 আপডেইটৰ কাৰণে হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ কাৰণে, কাৰিকৰী টোকাসমূহ চাওক।

পাতনি
1. ইনস্টল প্ৰক্ৰিয়া
2. কাৰনেল
3. ডিভাইচ ড্ৰাইভাৰসমূহ
4. নেটৱাৰ্কিং
5. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্য্যকৰীতা
6. সুৰক্ষা
7. এনটাইটেলমেন্ট
8. ভাৰছুৱেলাইজেষণ
8.1. KVM
8.2. Hyper-V
8.3. VMware ESX
9. থুপ খোৱা
10. সংৰক্ষণ
11. কমপাইলাৰ আৰু সঁজুলিসমুহ
12. সাধাৰণ আপডেইটসমূহ
A. পুনৰীক্ষণৰ ইতিহাস

পাতনি

Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ সমাধান এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 6.4 উন্মোচন টোকাসমূহ এ এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 6 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক এপ্লিকেচনসমূহলে কৰা মুখ্য পৰিৱৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিৱৰ্তন (যেনে, ঠিক কৰা বাগসমূহ, যোগ কৰা সম্প্ৰসাৰণসমূহ, আৰু বিচাৰি পোৱা জ্ঞাত সমস্যাসমূহ) ৰ বিৱৰীত টোকাসমূহ কাৰিকৰী টোকাসমূহ ত পাব। কাৰিকৰী টোকাসমূহ দস্তাবেজে বৰ্তমানে উপলব্ধ সকলো প্ৰযুক্তি পূৰ্বদৰ্শন লগতে সিহতক প্ৰদান কৰা সকলো পেকেইজৰ এটা সম্পূৰ্ণ তালিকা অন্তৰ্ভুক্ত কৰে।

গুৰুত্বপূৰ্ণ

অনলাইন Red Hat Enterprise Linux 6.4 উন্মোচন টোকাসমূহ, যি ইয়াত অনলাইন অৱস্থিত, সিহতক বিৱৰিত, বৰ্তমান-তাৰিখলে-উন্নত সংস্কৰণ বুলি ধৰিব লাগিব। উন্মোচনৰ বিষয়ে প্ৰশ্ন থকা গ্ৰাহকসকলক সিহতৰ Red Hat Enterprise Linux সংস্কৰণৰ বাবে অনলাইন উন্মোচন আৰু কাৰিকৰী টোকাসমূহ চোৱাৰ উপদেশ দিয়া হৈছে।
আপোনাক Red Hat Enterprise Linux জীৱন চক্ৰৰ বিষয়ে তথ্যৰ প্ৰয়োজন হলে, https://access.redhat.com/support/policy/updates/errata/ চাওক।

Chapter 1. ইনস্টল প্ৰক্ৰিয়া

Kickstart ফাইলত FCoE সমৰ্থন

Red Hat Enterprise Linux 6.4 ইনস্টল কৰিবলে এটা kickstart ফাইল ব্যৱহাৰ কৰোতে, নতুন fcoe kickstart বিকল্পৰ সৈতে আপুনি ধাৰ্য্য কৰিব পাৰিব প্ৰসাৰিত ডিস্ক ড্ৰাইভ (EDD) সেৱাসমূহ দ্বাৰা খোজ কৰা ডিভাইচসমূহৰ বাহিৰেও কোনবোৰ ইথাৰনেটৰে ফাইবাৰ চেনেল (FCoE) ডিভাইচসমূহ স্বচালিতভাৱে সক্ৰিয় কৰিব লাগে। অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6 ইনস্টলেষণ সহায়কKickstart বিকল্পসমূহ অংশ চাওক।

VLAN ৰে ইনস্টলেষণ

Red Hat Enterprise Linux 6.4 ত, vlanid=বুট বিকল্প আৰু --vlanid= kickstart বিকল্পয় আপোনাক এটা ধাৰ্য্যত নেটৱাৰ্ক ডিভাইচৰ বাবে এটা ভাৰছুৱেল LAN ID (802.1q tag) সংস্থাপন কৰাৰ অনুমতি দিয়ে। এই বিকল্পসমূহৰ যিকোনো এটা ধাৰ্য্য কৰি, চিস্টেমৰ ইনস্টলেষণ এটা VLAN ৰে কৰা যাব।

বান্ধনী সংৰূপণ কৰা

bond বুট বিকল্প আৰু --bondslaves আৰু --bondopts kickstart বিকল্পসমূহক এতিয়া বান্ধনীক ইনস্টলেষণ প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে সংৰূপণ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বান্ধনী কিধৰণে সংৰূপণ কৰিব তাৰ বিষয়ে অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6 ইনস্টলেষণ সহায়কৰ নিম্নলিখিত অংশবোৰ চাওক: অংশ Kickstart বিকল্পসমূহ আৰু পাঠ বুট বিকল্পসমূহ

Chapter 2. কাৰনেল

ফাইবাৰ চেনেল প্ৰটোকল: অন্তৰ-পৰা-অন্ত তথ্য স্থিৰতা নীৰিক্ষণ

Red Hat Enterprise Linux 6.4 ত এটা হস্ট এডাপ্টাৰ আৰু এটা সংৰক্ষণ চাৰ্ভাৰৰ মাজৰ তথ্যৰ সত্যতা অন্তৰ-পৰা-অন্ত তথ্য স্থিৰতা নীৰিক্ষণৰ বাবে উন্নত T10 DIF SCSI প্ৰামাণিকৰ zFCP-বিশেষ অংশ প্ৰণয়ন কৰি উন্নত কৰা হৈছে।

IBM System z ৰ বাবে ফ্লেশ্ব এক্সপ্ৰেচ সমৰ্থন

IBM System z ৰ বাবে সংৰক্ষণ-ক্লাচ মেমৰি (SCM) হল তথ্য সংৰক্ষণ ডিভাইচসমূহৰ এটা ক্লাচ যি সংৰক্ষণ আৰু মেমৰি দুটাৰে বৈশিষ্ট্য একত্ৰিত কৰে। System z ৰ বাবে SCM এ এতিয়া ফ্লেশ্ব একস্প্ৰেচ মেমৰি সমৰ্থন কৰে। SCM বৃদ্ধিবোৰ বৃদ্ধিত অসংমিহলিত তথ্য স্থানান্তৰ (EADM) চাবচেনেলসমূহৰ দ্বাৰা অভিগম কৰিব পাৰি। প্ৰত্যকটো বৃদ্ধি এটা খণ্ড ডিভাইচৰে প্ৰতিনিদ্ধিত্ব কৰা হয়। এই বৈশিষ্টয় অস্থায়ী সংৰক্ষণৰ বাবে পেগিং হাৰ আৰু অভিগম পৰিৱেশন উন্নত কৰে, উদাহৰণস্বৰূপ তথ্য ৱেৰহাউছিংৰ বাবে।

Open vSwitch কাৰনেল মডিউল

Red Hat Enterprise Linux 6.4 এ Open vSwitch কাৰনেল মডিউলক Red Hat ৰ স্তৰ উৎপাদন অফাৰিংৰ বাবে এটা সমৰ্থক হিচাপে অন্তৰ্ভুক্ত কৰে। Open vSwitch ক কেৱল আনুষংগিক ব্যৱহাৰকাৰী স্থান সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰা উৎপাদনসমূহৰ সৈতে একত্ৰিতভাৱে সমৰ্থিত। মন কৰিব যে এই প্ৰয়োজনীয় ব্যৱহাৰকাৰী স্থান সঁজুলিসমূহৰ অবিহনে, Open vSwitch এ কাৰ্য্য নকৰিব আৰু ব্যৱহাৰৰ বাবে সামৰ্থবান কৰিব নোৱাৰি। অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি নিম্নলিখিত জ্ঞান ভিত্তি অধ্যায়: https://access.redhat.com/knowledge/articles/270223 চাওক।

বুট কৰা চিস্টেম আৰু ডাম্প কৰা চিস্টেমৰ তুলনা

এই বৈশিষ্টয় আপোনাক ছবি প্ৰব্ৰজনৰ দ্বাৰা উন্মোচন কৰা পৰিবৰ্তনসমূহ সঠিকভাৱে বিশ্লেষণ কৰিবলে এটা বুটেড চিস্টেমক এটা ডাম্প কৰা চিস্টেমৰ সৈতে তুলনা কৰাৰ অনুমতি দিয়ে। এটা অতিথি চিনাক্ত কৰিবলে, stsi আৰু stfle তথ্য ব্যৱহাৰ কৰা হয়। এটা নতুন ফলন, lgr_info_log() এ বৰ্তমান তথ্য (lgr_info_cur) ক সৰ্বশেষ ৰেকৰ্ড কৰা তথ্য (lgr_info_last) ৰ সৈতে তুলনা কৰে।

Perf সঁজুলি আপডেইট কৰা হৈছে

perf সঁজুলিক আপস্ট্ৰিম সংস্কৰণ 3.6-rc7 লে আপডেইট কৰা হৈছে, যি কেইবাটাও বাগৰ সমাধান আৰু সম্প্ৰসাৰণ প্ৰদান কৰে। নিম্নলিখিত হল উল্লেখযোগ্য সম্প্ৰসাৰণসমূহৰ এটা তালিকা:
  • Kprobe ঘটনাসমূহৰ সমৰ্থন যোগ কৰা হৈছে।
  • এটা নতুন perf ঘটনা কমান্ড শাৰী বাক্যবিন্যাস ইঞ্জিন অন্তৰ্ভুক্ত কৰা হৈছে, যি আপোনাক ঘটনা দলবোৰৰ বিৱৰণৰ বাবে কাৰ্লি ব্ৰেকেটসমূহ ({ and }) ৰ ব্যৱহাৰৰ অনুমতি দিয়ে, উদাহৰণস্বৰূপ: {cycles,cache-misses}
  • ASM কলসমূহ আৰু জাম্পসমূহৰে গমণৰ অনুমতি দিবলে perf এনোটেট ব্ৰাউছাৰক উন্নত কৰা হৈছে।
  • perf সঁজুলিক নতুন --uid কমান্ড শাৰী বিকল্পৰ সৈতে এটা প্ৰতি-ব্যৱহাৰকাৰী দৰ্শন প্ৰদান কৰিবলে আপডেইট কৰা হৈছে। যেতিয়া ব্যৱহাৰ কৰা হয়, perf এ কেৱল এজন ধাৰ্য্যত ব্যৱহাৰকাৰীৰ বাবে কাৰ্য্যসমূহ দেখুৱায়।
  • perf সঁজুলিয়ে এতিয়া স্বচালিত পৰিক্ষাসমূহৰ বিবিধ প্ৰকাৰবোৰ প্ৰদান কৰে।

Uncore PMU সমৰ্থন

Red Hat Enterprise Linux 6.4 ৰ কাৰনেলে Intel Xeon Processor X55xx আৰু Intel Xeon Processor X56xx প্ৰচেছৰৰ পৰিয়ালৰ বাবে perf ঘটনা চাবচিস্টেমসমূহলে পৰিৱেশন মনিটৰিং ইউনিট (PMU) সমৰ্থন যোগ কৰে। "uncore" এ একাধিক প্ৰচেছৰ কেন্দৰসমূহ দ্বাৰা অংশীদাৰী কৰা ভৌতিক প্ৰচেছৰ পেকেইজত চাবচিস্টেমসমূহলে প্ৰসংগ কৰে, উদাহৰণস্বৰূপ L3 ক্যাশ। uncore PMU সমৰ্থনৰ সৈতে, পৰিৱেশন তথ্যক সহজতে এটা পেকেইজ স্তৰত সংগ্ৰহ কৰিব পাৰি।
PMU ঘটনাসমূহ বিশ্লেষণক perf ৰ সহায়ত ডিবাগিংৰ অনুমতি দিবলে সামৰ্থবান কৰা হৈছে।

কম কৰা memcg মেমৰি অভাৰহেড

মেমৰি নিয়ন্ত্ৰণ দলসমূহে সিহতৰ নিজস্ব সৰ্বনিম্ন শেহতীয়াভাৱে ব্যৱহাৰ কৰা (LRU) তালিকা ব্যৱস্থাপনা কৰে, উদাহৰণস্বৰূপ, মেমৰি পুনৰুদ্ধাৰ কৰা। এই তালিকা বিশ্বব্যাপী প্ৰতি-অঞ্চল LRU তালিকাৰ ওপৰত আছিল। Red Hat Enterprise Linux 6.4 ত, memcg ৰ বাবে মেমৰি অভাৰহেডক বিশ্বব্যাপী প্ৰতি-অঞ্চল LRU তালিকা অসামৰ্থবান কৰি আৰু ইয়াৰ ব্যৱহাৰকাৰীসমূহক প্ৰতি-মেমৰি cgroup তালিকাসমূহত কাৰ্য্য কৰিবলে পৰিবৰ্তন কৰি কম কৰা হৈছে।

মেমৰি পুনৰুদ্ধাৰ আৰু সংকোচন

Red Hat Enterprise Linux 6.4 ৰ কাৰনেলে উচ্চ-ক্ৰম আবন্টন অনুৰোধসমূহৰ বাবে অথবা মেমৰি চাপৰ অন্তৰ্গত পুনৰুদ্ধাৰ আৰু সংকোচন ব্যৱহাৰ কৰে।

ট্ৰান্সেকষণেল এক্সিকিউষণ সুবিধা আৰু ৰানটাইম ইনস্ট্ৰুমেন্টেষণ সুবিধাৰ বাবে সমৰ্থন

Linux কাৰনেলত ট্ৰান্সেকষণেল-এক্সিকিউষণ সুবিধা (IBM zEnterprise EC12 ৰ সৈতে উপলব্ধ) ৰ বাবে সমৰ্থনে চফ্টৱেৰ লকিং অভাৰহেড নাইকিয়া কৰে যি পৰিৱেশনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু উচ্চ ট্ৰান্সেকষণ থ্ৰপুটৰ বাবে বৃদ্ধিত স্কেলেবিলিটি আৰু পেৰেলেলিস্ম প্ৰদান কৰিব পাৰে। ৰানৰটাইম ইনস্ট্ৰুমেন্টেষণ সুবিধা (IBM zEnterprise EC12 ৰ সৈতে উপলব্ধ) এ নতুন IBM JVM দ্বাৰা সৃজন কৰা ক'ডৰ উন্নত বিশ্লেষণ আৰু অনুকূলনৰ বাবে প্ৰগ্ৰাম ক'ড আলেখ্য কৰিবলে এটা উন্নত পদ্ধতি প্ৰদান কৰে।

ফেইল-অপেন অৱস্থা

Red Hat Enterprise Linux 6.4 এ নেটফিল্টাৰৰ NFQUEUE লক্ষ্য ব্যৱহাৰ কৰোতে এটা নতুন ফেইল-অপেন অৱস্থাৰ বাবে সমৰ্থন যোগ কৰে। এই অৱস্থায় ব্যৱহাৰকাৰীসকলক অস্থায়ীভাৱে পেকেট নীৰিক্ষণ অসামৰ্থবান কৰিবলে আৰু প্ৰচণ্ড নেটৱাৰ্ক ট্ৰাফিকৰ অন্তৰ্গত সংযোগ ব্যৱস্থাপনা কৰাৰ অনুমতি দিয়ে।

IBM System z ৰ বাবে kdump আৰু kexec কাৰনেল ডাম্পিং পদ্ধতি সম্পূৰ্ণভাৱে সমৰ্থিত

Red Hat Enterprise Linux 6.4 ত, kdump/kexec কাৰনেল ডাম্পিং পদ্ধতি IBM System z চিস্টেমসমূহৰ বাবে এটা সম্পূৰ্ণভাৱে সমৰ্থিত বৈশিষ্ট্য হিচাপে সামৰ্থবান কৰা হৈছে, IBM System z স্টেণ্ডএলৌন আৰু হাইপাৰভাইছৰ ডাম্পিং পদ্ধতিৰ অতিৰিক্তে। স্ব-সংৰক্ষণ ডেউৰী 4 GB সংহতি কৰা হৈছে; সেয়েহে, যিকোনো IBM System z চিস্টেম যাৰ 4 GB ৰ অধিক মেমৰি আছে তাৰ kdump/kexec পদ্ধতি সামৰ্থবান থাকে।
পৰ্যাপ্ত মেমৰি উপলব্ধ থাকিব লাগিব কাৰণ kdump এ আনুমানিক 128 MB অবিকল্পিতভাৱে সংৰক্ষণ কৰে। ই বিশেষভাৱে গুৰুত্বপূৰ্ণ যেতিয়া Red Hat Enterprise Linux 6.4 লে এটা উন্নয়ন পৰিৱেশন কৰা হয়। এটা চিস্টেম স্খলনৰ ক্ষেত্ৰত ডাম্প সংৰক্ষণৰ বাবে পৰ্যাপ্ত ডিস্ক স্থান উপলব্ধ থাকিব লাগিব।
আপুনি /etc/kdump.conf, system-config-kdump, অথবা firstboot ৰ সহায়ত kdump সংৰূপণ অথবা অসামৰ্থবান কৰিব পাৰিব।

KVM ৰ বাবে TSC সময়সীমা সমৰ্থন

TSC সময়সীমা টাইমাৰ স্থানীয় APIC (LAPIC) টাইমাৰত এটা নতুন অৱস্থা, যি TSC সময়সীমাৰ ওপৰত ভিত্তি কৰি এটা-শ্বট টাইমাৰ বাধা সৃজন কৰে, বৰ্তমান APIC ঘড়ী কাউন্ট অন্তৰালৰ স্থানত। ই অধিক সঠিক টাইমাৰ বাধা (এটা টিকৰ কম) প্ৰদান কৰে যাতে OS সূচক লাভবান হয়। KVM এ এতিয়া এই বৈশিষ্ট্য অতিথিসকললে বাবে উপলব্ধ কৰিছে।

স্থায়ী ডিভাইচ নামাকৰণ

এই বৈশিষ্ট্যয় ডিভাইচ নামসমূহৰ মেপিং (উদাহৰণস্বৰূপ, sda, sdb, আৰু অন্য) আৰু স্থায়ী ডিভাইচ নাম (/dev/disk/by-*/udev দ্বাৰা প্ৰদান কৰা) কাৰনেল বাৰ্তাসমূহত সংৰক্ষণ কৰে। ই ব্যৱহাৰকাৰীসকলক কাৰনেল বাৰ্তাসমূহৰ পৰা এটা ডিভাইচ চিনাক্ত কৰাৰ অনুমতি দিয়ে। কাৰনেল /dev/kmsg লগ, যাক dmesg কমান্ডৰ সৈতে প্ৰদৰ্শন কৰিব পাৰি, এতিয়া সাংকেতিক লিঙ্কসমূহৰ বাবে বাৰ্তাসমূহ দেখুৱায়, যি udev এ কাৰনেল ডিভাইচসমূহৰ বাবে সৃষ্টি কৰিছে। এই বাৰ্তাসমূহ নিম্নলিখিত বিন্যাসত প্ৰদৰ্শন কৰা হয়:
udev-alias: <device_name> (<symbolic_link> <symbolic link> …)
যিকোনো লগ বিশ্লেষকে এই বাৰ্তাসমূহ প্ৰদৰ্শন কৰিব পাৰিব, যি syslog ৰ সহায়ত /var/log/messages ত সংৰক্ষিত।

নতুন linuxptp পেকেইজ

Red Hat Enterprise Linux 6.4 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত, linuxptp পেকেইজ, Linux ৰ বাবে IEEE প্ৰামাণিক 1588 অনুসৰি প্ৰিচিষণ সময় প্ৰটোকল (PTP) ৰ এটা প্ৰণয়ন। দ্বৈত ৰূপাঙ্কণ লক্ষ্যসমূহ হল প্ৰামাণিকৰ এটা বৃহত প্ৰণয়ন প্ৰদান কৰিবলে আৰু Linux কাৰনেল দ্বাৰা প্ৰদান কৰা আটাইতকৈ প্ৰাসংগিক আধুনিক এপ্লিকেচন প্ৰগ্ৰামিং আন্তঃপৃষ্ঠসমূহ (API) ব্যৱহাৰ কৰিবলে। কিম্বদন্তি APIs আৰু অন্য প্লেটফৰ্মসমূহ সমৰ্থন কৰাটো এটা লক্ষ্য নহয়।

স্বচ্ছ বৃহতপৃষ্ঠা তথ্যচিত্ৰ

স্বচ্ছ বৃহতপৃষ্টাসমূহৰ বাবে তথ্যচিত্ৰ নিম্নলিখিত ফাইললে যোগ কৰা হৈছে:
/usr/share/doc/kernel-doc-<version>/Documentation/vm/transhuge.txt

ডাম্প লক্ষ্যসমূহৰ বাবে সমৰ্থনৰ অৱস্থা

Red Hat Enterprise Linux 6.4 ত, /usr/share/doc/kexec-tools-2.0.0/kexec-kdump-howto.txt ফাইলে অংশ ডাম্প লক্ষ্য সমৰ্থন অৱস্থা ৰ অন্তৰ্গত সমৰ্থিত, অসমৰ্থিত, আৰু অজ্ঞাত ডাম্প অংশবোৰৰ এটা বিস্তাৰিত তালিকা প্ৰদান কৰে।

Chapter 3. ডিভাইচ ড্ৰাইভাৰসমূহ

সংৰক্ষণ ড্ৰাইভাৰসমূহ

  • প্ৰত্যক্ষ অভিগম সংৰক্ষণ ডিভাইচসমূহ (DASD) ডিভাইচ ড্ৰাইভাৰক পথ সংৰূপ ত্ৰুটিসমূহ চিনাক্ত কৰিবলে আপডেইট কৰা হৈছে যি হাৰ্ডৱেৰ অথবা মাইক্ৰক'ড দ্বাৰা চিনাক্ত কৰিব নোৱাৰি। সফল চিনাক্তকৰণত, ডিভাইচ ড্ৰাইভাৰে এনেধৰণৰ পথ ব্যৱহাৰ নকৰে। এই বৈশিষ্ট্যৰ সৈতে, উদাহৰণস্বৰূপ, DASD ডিভাইচ ড্ৰাইভাৰে পথসমূহ চিনাক্ত কৰে যি এটা বিশেষ চাবচেনেললে ধাৰ্য্য কৰা আছে কিন্তু ভিন্ন সংৰক্ষণ চাৰ্ভাৰসমূহলে আগবাঢ়ে।
  • zfcp ডিভাইচ ড্ৰাইভাৰক ডাটা স্ট্ৰাকচাৰসমূহ যোগ কৰিবলে আৰু এৰৰ হেণ্ডলিং কৰিবলে আপডেইট কৰা হৈছে যাতে সিহতে System z ফাইবাৰ চেনেল প্ৰটোকল (FCP) এডাপ্টাৰ কাৰ্ডৰ উন্নত অৱস্থা সমৰ্থন কৰে। এই অৱস্থাত, এডাপ্টাৰে তথ্যক প্ৰত্যক্ষভাৱে মেমৰিৰ পৰা SAN (তথ্য ৰুটিং) লে প্ৰেৰণ কৰে যেতিয়া এডাপ্টাৰ কাৰ্ডৰ মেমৰি ডাঙৰ আৰু লেহেম I/O অনুৰোধসমূহ দ্বাৰা প্ৰতিৰোধ কৰা হয়।
  • mtip32xx ড্ৰাইভাৰক শেহতীয়া PCIe SSD ড্ৰাইভসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • Emulex ফাইবাৰ চেনেল হস্ট বাচ এডাপ্টাৰসমূহৰ বাবে lpfc ড্ৰাইভাৰক সংস্কৰণ 8.3.5.82.1p লে আপডেইট কৰা হৈছে।
  • QLogic ফাইবাৰ চেনেল HBAs ৰ বাবে qla2xxx ড্ৰাইভাৰক সংস্কৰণ 8.04.00.04.06.4-k লে আপডেইট কৰা হৈছে, যি QLogic's 83XX কনভাৰ্জ্ড নেটৱাৰ্ক এডাপ্টাৰ (CNA) ৰ বাবে সমৰ্থন, QLogic এডাপ্টাৰসমূহৰ বাবে 16 GBps FC সমৰ্থন, আৰু HP ProLiant চাৰ্ভাৰসমূহৰ বাবে নতুন ফৰ্ম ফেক্টৰ CNA যোগ কৰে।
  • qla4xxxx ড্ৰাইভাৰক সংস্কৰণ v5.03.00.00.06.04-k0 লে আপডেইট কৰা হৈছে, যি change_queue_depth API সমৰ্থন যোগ কৰে, কেইবাটাও বাগ সমাধান কৰে, আৰু বিভিন্ন সম্প্ৰসাৰণ যোগ কৰে।
  • QLogic 4Gbps ফাইবাৰ চেনেল HBA ৰ বাবে ql2400-firmware ফাৰ্মৱেৰক সংস্কৰণ 5.08.00 লে আপডেইট কৰা হৈছে।
  • QLogic 4Gbps ফাইবাৰ চেনেল HBA ৰ বাবে ql2500-firmware ফাৰ্মৱেৰক সংস্কৰণ 5.08.00 লে আপডেইট কৰা হৈছে।
  • IBM Power Linux RAID SCSI HBAs ৰ বাবে ipr ড্ৰাইভাৰক সংস্কৰণ 2.5.4 লে আপডেইট কৰা হৈছে, যি Power7 6Gb SAS এডাপ্টাৰসমূহৰ বাবে সমৰ্থন যোগ কৰে আৰু এই এডাপ্টাৰসমূহত SAS VRAID ক্ষমতা সামৰ্থবান কৰে।
  • hpsa ড্ৰাইভাৰক HP স্মাৰ্ট এৰে প্ৰজন্ম 8 নিয়ন্ত্ৰকসমূৰ পৰিয়ালৰ বাবে PCI-IDs যোগ কৰিবলে সংস্কৰণ 2.0.2-4-RH1 লে আপডেইট কৰা হৈছে।
  • Broadcom NetXtreme II iSCSI ৰ বাবে bnx2i ড্ৰাইভাৰক সাধাৰণ হাৰ্ডৱেৰ সমৰ্থন সামৰ্থৰ সৈতে সংস্কৰণ 2.7.2.2 লে আপডেইট কৰা হৈছে।
    Red Hat Enterprise Linux 6.4 ত এতিয়া Broadcom ডিভাইচসমূহত iSCSI আৰু FCoE বুট সমৰ্থন সম্পূৰ্ণভাৱে সমৰ্থিত। এই দুটা বৈশিষ্ট্য bnx2i আৰু bnx2fc Broadcom ড্ৰাইভাৰসমূহ দ্বাৰা প্ৰদান কৰা হয়।
  • Broadcom Netxtreme II 57712 চিপৰ বাবে bnx2fc ড্ৰাইভাৰক সংস্কৰণ 1.0.12 লে আপডেইট কৰা হৈছে।
    Red Hat Enterprise Linux 6.4 ত এতিয়া Broadcom ডিভাইচসমূহত iSCSI আৰু FCoE বুট সমৰ্থন সম্পূৰ্ণভাৱে সমৰ্থিত। এই দুটা বৈশিষ্ট্য bnx2i আৰু bnx2fc Broadcom ড্ৰাইভাৰসমূহ দ্বাৰা প্ৰদান কৰা হয়।
  • mpt2sas ড্ৰাইভাৰক সংস্কৰণ 13.101.00.00 লে আপডেইট কৰা হৈছে, যি Linux BSG ড্ৰাইভাৰৰ বাবে বহু-অংশ অৱস্থা সমৰ্থন যোগ কৰে।
  • Brocade bfa ফাইবাৰ চেনেল ড্ৰাইভাৰ আৰু FCoE ড্ৰাইভাৰক সংস্কৰণ 3.0.23.0 লে আপডেইট কৰা হৈছে যি Brocade 1860 16Gbps ফাইবাৰ চেনেল এডাপ্টাৰ সমৰ্থন, Dell PowerEdge 12th প্ৰজন্ম চাৰ্ভাৰসমূহত নতুন হাৰ্ডৱেৰ সমৰ্থন, আৰু issue_lip সমৰ্থন অন্তৰ্ভুক্ত কৰে। bfa ফাৰ্মৱেৰক সংস্কৰণ 3.0.3.1 লে আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine 2 Open iSCSI ডিভাইচসমূহৰ বাবে iSCSI netlink VLAN সমৰ্থন যোগ কৰিবলে be2iscsi ড্ৰাইভাৰক সংস্কৰণ 4.4.58.0r লে আপডেইট কৰা হৈছে।
  • TrueScale HCAs ৰ বাবে qib ড্ৰাইভাৰক নিম্নলিখিত উন্নয়নসমূহৰ সৈতে শেহতীয়া সংস্কৰণলে আপডেইট কৰা হৈছে:
    • উন্নত NUMA সতৰ্কতা
    • পৰিৱেশন স্কেইল বাৰ্তা (PSM) ফেব্ৰিক্সৰ বাবে কনজেষণ নিয়ন্ত্ৰণ সহায়ক (CCA)
    • PSM ফেব্ৰিক্সৰ বাবে দ্বৈত Rail
    • পৰিৱেশন উন্নয়ন আৰু বাগ সমাধানসমূহ
  • শেহতীয়া আপস্ট্ৰিম বৈশিষ্ট্যসমূহ আৰু বাগ সমাধানসমূহ অন্তৰ্ভুক্ত কৰিবলে নিম্নলিখিত ড্ৰাইভাৰসমূহ আপডেইট কৰা হৈছে: ahci, md/bitmap, raid0, raid1, raid10, আৰু raid456.

নেটৱাৰ্ক ড্ৰাইভাৰসমূহ

  • NetXen Multi port (1/10) Gigabit নেটৱাৰ্কৰ বাবে netxen_nic ড্ৰাইভাৰক সংস্কৰণ 4.0.80 লে আপডেইট কৰা হৈছে, যি miniDIMM সমৰ্থন যোগ কৰে। netxen_nic ফাৰ্মৱেৰক সংস্কৰণ 4.0.588 লে আপডেইট কৰা হৈছে।
  • bnx2x ড্ৰাইভাৰক সংস্কৰণ 1.72.51-0 লে আপডেইট কৰা হৈছে যাতে Broadcom 57800/57810/57811/57840 চিপসমূহৰ বাবে সমৰ্থন লগতে সাধাৰণ বাগ সমাধানসমূহ আৰু Broadcom 57710/57711/57712 চিপসমূহৰ বাবে আপডেইটেড ফাৰ্মৱেৰ অন্তৰ্ভুক্ত হয়। এই আপডেইটে লগতে নিম্নলিখিত উন্নয়নসমূহ অন্তৰ্ভুক্ত কৰে:
    • Broadcom 57712/578xx চিপসমূহত Ethernet (DCB/FCOE) ৰে SCSI অফল'ড আৰু তথ্য কেন্দ্ৰ ব্ৰিজিং/ফাইবাৰ চেনেলৰ বাবে সমৰ্থন। Broadcom 57840 চিপ কেৱল এটা 4x10G সংৰূপত সমৰ্থিত আৰু iSCSI অফল'ড আৰু FCoE সমৰ্থন নকৰে। ভৱিষ্যত উন্মোচনসমূহে অতিৰিক্ত সংৰূপসমূহ আৰু iSCSI অফল'ড আৰু FCoE সমৰ্থন কৰিব।
    • অতিৰিক্ত ভৌতিক স্তৰ সমৰ্থন, উৰ্জা উপযোগী ইথাৰনেট (EEE) অন্তৰ্ভুক্ত কৰাকৈ।
    • iSCSI অফল'ড উন্নয়নসমূহ
    • OEM-বিশেষ বৈশিষ্ট্যসমূহ
  • ServerEngines BladeEngine2 10Gbps নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে কনভাৰজ্ড ইথাৰনেট (RoCE) সমৰ্থনৰে RDMA যোগ কৰিবলে be2net ড্ৰাইভাৰক সংস্কৰণ 4.4.31.0r লে আপডেইট কৰা হৈছে।
    অতিৰিক্তভাৱে, Emulex be2net ড্ৰাইভাৰৰ SR-IOV কাৰ্য্যকৰীতা এতিয়া Red Hat Enterprise Linux 6.4 ত সম্পূৰ্ণভাৱে সমৰ্থিত। SR-IOV BE3-ভিত্তিয় হাৰ্ডৱেৰৰ সকলো Emulex-ব্ৰেণ্ডেড আৰু OEM অপৰসমূহত চলে, যাৰ সকলোৰে be2net ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন।
  • ixgbevf ড্ৰাইভাৰক শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন, উন্নয়নসমূহ, আৰু বাগ সমাধানসমূহ অন্তৰ্ভুক্ত কৰিবলে সংস্কৰণ 2.6.0-k লে আপডেইট কৰা হৈছে।
  • Chelsio Terminator4 10G সংযুক্ত তাঁৰ নেটৱাৰ্ক নিয়ন্ত্ৰকসমূহৰ বাবে cxgb4 ড্ৰাইভাৰক Chelsio's T480-CR আৰু T440-LP-CR এডাপ্টাৰসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • Chelsio T3 নেটৱাৰ্ক ডিভাইচসমূহৰ পৰিয়ালৰ বাবে cxgb3 ড্ৰাইভাৰক সংস্কৰণ 1.1.5-ko লে আপডেইট কৰা হৈছে।
  • Intel 10 Gigabit PCI এক্সপ্ৰেচ নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে তথ্য কেন্দ্ৰ ব্ৰিজিং (DCB) অথবা গ্ৰহণ কাষ স্কেইলিং (RSS) ৰ সৈতে SR-IOV, প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে PTP সমৰ্থন, শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন, উন্নয়নসমূহ, আৰু বাগ সমাধানসমূহৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰিবলে ixgbe ড্ৰাইভাৰক সংস্কৰণ 3.9.15-k লে আপডেইট কৰা হৈছে।
  • iw_cxgb3 ড্ৰাইভাৰক আপডেইট কৰা হৈছে।
  • The iw_cxgb4 ড্ৰাইভাৰক আপডেইট কৰা হৈছে।
  • Intel PRO/1000 নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন, বৈশিষ্ট্যসমূহ যোগ কৰিবলে, আৰু কেইবাটাও বাগ সমাধান প্ৰদান কৰিবলে e1000e ড্ৰাইভাৰক আপডেইট কৰা হৈছে।
  • Cisco 10G ইথাৰনেট ডিভাইচসমূহৰ বাবে enic ড্ৰাইভাৰক সংস্কৰণ 2.1.1.39 লে আপডেইট কৰা হৈছে।
  • igbvf ড্ৰাইভাৰ (Intel Gigabit ভাৰছুৱেল ফলন নেটৱাৰ্ক ড্ৰাইভাৰ) ক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • Intel Gigabit ইথাৰনেট এডাপ্টাৰসমূহৰ বাবে শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন যোগ কৰিবলে igb ড্ৰাইভাৰক সংস্কৰণ 4.0.1 লে আপডেইট কৰা হৈছে। লগতে, PTP সমৰ্থনক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে igb ড্ৰাইভাৰলে যোগ কৰা হৈছে।
  • Broadcom Tigon3 ইথাৰনেট ডিভাইচসমূহৰ বাবে নতুন হাৰ্ডৱেৰ সমৰ্থন যোগ কৰিবলে tg3 ড্ৰাইভাৰক সংস্কৰণ 3.124 লে আপডেইট কৰা হৈছে। লগতে, এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে PTP সমৰ্থনক tg3 ড্ৰাইভাৰলে যোগ কৰা হৈছে।
  • HP NC-Series QLogic 10 Gigabit চাৰ্ভাৰ এডাপ্টাৰসমূহৰ বাবে qlcnic ড্ৰাইভাৰক সংস্কৰণ 5.0.29 লে আপডেইট কৰা হৈছে।
  • Brocade 10Gb PCIe ইথাৰনেট নিয়ন্ত্ৰকসমূহ ড্ৰাইভাৰসমূহৰ বাবে Brocade bna ড্ৰাইভাৰক Dell PowerEdge 12th প্ৰজন্ম চাৰ্ভাৰসমূহৰ বাবে নতুন হাৰ্ডৱেৰ সমৰ্থন যোগ কৰিবলে, আৰু non-Brocade Twinax কপাৰ কেবুলসমূহৰ ব্যৱহাৰ সামৰ্থবান কৰিবলে সংস্কৰণ 3.0.23.0 লে আপডেইট কৰা হৈছে। bna ফাৰ্মৱেৰক সংস্কৰণ 3.0.3.1 লে আপডেইট কৰা হৈছে।
  • Broadcom NetXtreme II cnic ড্ৰাইভাৰক নতুন বৈশিষ্ট্যসমূহ, বাগ সমাধানসমূহ, আৰু নতুন OEM প্লেটফৰ্মসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে সংস্কৰণ 2.5.13 লে আপডেইট কৰা হৈছে।

বিবিধ ড্ৰাইভাৰসমূহ

  • Intel প্ৰচেছৰসমূহৰ বাবে intel_idle cpuidle ড্ৰাইভাৰক Intel ৰ Xeon E5-XXX V2 প্ৰচেছৰ ক্ৰমৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • wacom ড্ৰাইভাৰক CTL-460 Wacom Bamboo Pen, Wacom Intuos5 টেবলেট, আৰু Wacom Cintiq 22HD Pen প্ৰদৰ্শনৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • ALSA HDA অডিঅ' ড্ৰাইভাৰক নতুন হাৰ্ডৱেৰৰ বাবে সমৰ্থন সামৰ্থবান অথবা উন্নত কৰিবলে আৰু কেইবাটাও বাগ সমাধান কৰিবলে আপডেইট কৰা হৈছে।
  • mlx4_en ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • mlx4_ib ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • mlx4_core ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • z90crypt ডিভাইচ ড্ৰাইভাৰক নতুন Crypto Express 4 (CEX4) এডাপ্টাৰ কাৰ্ড সমৰ্থন কৰিবলে আপডেইট কৰা হৈছে।

Chapter 4. নেটৱাৰ্কিং

HAProxy

HAProxy, TCP আৰু HTTP-ভিত্তিয় এপ্লিকেচনসমূহৰ বাবে এটা স্টেণ্ডএলৌন, স্তৰ ৭, উচ্চ-পৰিৱেশন নেটৱাৰ্ক ল'ড বেলেন্সাৰ যি HTTP অনুৰোধসমূহৰ সমলৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ সূচী পৰিৱেশন কৰিব পাৰে। Red Hat Enterprise Linux 6.4 এ haproxy পেকেইজক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰে।

Chapter 5. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্য্যকৰীতা

SSSD দ্বাৰা সম্পূৰ্ণভাৱে সমৰ্থিত বৈশিষ্ট্যসমূহ

Red Hat Enterprise Linux 6.3 ত উন্মোচন কৰা কেইবাটাও বৈশিষ্ট্য এতিয়া Red Hat Enterprise Linux 6.4 ত সম্পূৰ্ণভাৱে সমৰ্থিত। বিশেষভাৱে:
  • SSH কি'সমূহৰ কেন্দ্ৰীত ব্যৱস্থাপনাৰ বাবে সমৰ্থন।
  • SELinux ব্যৱহাৰকাৰী মেপিং।
  • আৰু অট'মাউন্ট মেপ ক্যাশিংৰ বাবে সমৰ্থন।

নতুন SSSD ক্যাশ সংৰক্ষণ ধৰণ

Kerberos সংস্কৰণ 1.10 এটা নতুন ক্যাশ সংৰক্ষণ ধৰণ যোগ কৰিছে, DIR:, যি Kerberos ক একাধিক কি' বিতৰন কেন্দ্ৰসমূহ (KDCs) ৰ বাবে টিকেট গ্ৰান্টিং টিকেট (TGTs) অনুমতি দিয়ে আৰু একে সময়তে সিহতৰ মাজত স্ব-নিৰ্বাচন যেতিয়া Kerberos-জ্ঞাত সম্পদসমূহৰ সৈতে মিটমাট কৰা হয়। Red Hat Enterprise Linux 6.4 ত, SSSD ক উন্নত কৰা হৈছে যাতে আপুনি SSSD দ্বাৰা লগিন কৰা ব্যৱহাৰকাৰীসকলৰ বাবে DIR: ক্যাশ নিৰ্বাচন কৰাৰ অনুমতি পায়। এই বৈশিষ্ট্যক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।

external দলসমূহলে AD-ভিত্তিয় ভৰষাবান ডমেইনসমূহ যোগ কৰা হৈছে

Red Hat Enterprise Linux 6.4 ত, ipa group-add-member কমান্ডে আপোনাক পৰিচয় ব্যৱস্থাপনাত সক্ৰিয় ডাইৰেকটৰি-ভিত্তিয় ভৰষাবান ডমেইনসমূহৰ সদস্যসকলক external হিচাপে চিহ্নিত দলসমূহলে যোগ কৰাৰ অনুমতি দিয়ে। এই সদস্যসকলক ডমেইন- অথবা UPN-ভিত্তিয় বাক্যবিন্যাস ব্যৱহাৰ কৰি সিহতৰ নামৰে ধাৰ্য্য কৰিব পাৰি, উদাহৰণস্বৰূপ AD\UserName অথবা AD\GroupName, অথবা User@AD.Domain। যেতিয়া এই বিন্যাসত ধাৰ্য্য কৰা হয়, সদস্যাসকলক তেওলোকৰ সক্ৰিয় ডাইৰেকটৰি-ভিত্তিয় ভৰষাবান ডমেইনৰ বিশ্বব্যাপী সূচী দ্বাৰা সমাধান কৰা হয় যাতে তেওঁলোকৰ সুৰক্ষা পৰিচয়ক (SID) মান প্ৰাপ্ত কৰিব পাৰি।
বিকল্পভাৱে, এটা SID মানক প্ৰত্যাক্ষভাৱে ধাৰ্য্য কৰিব পাৰি। এই ক্ষেত্ৰত, ipa group-add-member কমান্ডে কেৱল সতা সত্য নিৰূপণ কৰিব যে SID মানৰ ডমেইন অংশ ভৰষাবান সক্ৰিয় ডাইৰেকটৰি ডমেইনসমূহৰ এটা হয়। ডমেইনৰ ভিতৰত SID ৰ বৈধতা সতা সত্য নিৰূপণ কৰাৰ কোনো চেষ্টা কৰা নহব।
বহিৰ্তম সদস্য ধাৰ্য্য কৰিবলে SID মানসমূহ প্ৰত্যাক্ষভাৱে প্ৰদান কৰাৰ পৰিৱৰ্তে ব্যৱহাৰকাৰী অথবা দল নাম বাক্যবিন্যাস ব্যৱহাৰ কৰাটো উপদেশিত।

স্ব-নৱিকৰণ পৰিচয় ব্যৱস্থাপনা চাবচিস্টেম প্ৰমাণপত্ৰসমূহ

এটা নতুন প্ৰমাণপত্ৰ কতৃপক্ষৰ বাবে অবিকল্পিত বৈধতা অৱধি হল ১০ বছৰ। CA এ ইয়াৰ চাবচিস্টেমসূমহ (OCSP, অডিট লগ, আৰু অন্য) ৰ বাবে কেইবাটাও প্ৰমাণপত্ৰ প্ৰেৰণ কৰে। চাবচিস্টেম প্ৰমাণপত্ৰসমূহ সাধাৰণত ২ বছৰৰ বাবে বৈধ থাকে। যদি প্ৰমাণপত্ৰসমূহৰ অৱসান হয়, CA আৰম্ভ নহয় অথবা সঠিকভাৱে কাৰ্য্য নকৰে। সেয়েহে, Red Hat Enterprise Linux 6.4 ত, পৰিচয় ব্যৱস্থাপনা চাৰ্ভাৰসমূহ স্বচালিতভাৱে তেওঁলোকৰ চাবচিস্টেম প্ৰমাণপত্ৰসমূহ নৱিকৰণ কৰিবলে সক্ষম। চাবচিস্টেম প্ৰমাণপত্ৰসমূহ certmonger দ্বাৰা অনুকৰণ কৰা হয়, যি স্বচালিতভাৱে প্ৰমাণপত্ৰসমূহ অৱসান হোৱাৰ আগত নৱিকৰণৰ চেষ্টা কৰে।

পৰিচয় ব্যৱস্থাপনাৰ অন্তৰ্গত ক্লাএন্টসমূহত OpenLDAP ক্লাএন্ট সঁজুলিসমূহৰ স্বচালিত সংৰূপ

Red Hat Enterprise Linux 6.4 ত, পৰিচয় ব্যৱস্থাপনা ক্লাএন্ট ইনস্টলেষণৰ সময়ত OpenLDAP ক স্বচালিতভাৱে অবিকল্পিত LDAP URI, এটা ভিত্তি DN, আৰু এটা TLS প্ৰমাণপত্ৰৰ সৈতে সংৰূপণ কৰা হয়। ই পৰিচয় ব্যৱস্থাপনা ডাইৰেকটৰি চাৰ্ভাৰলে LDAP সন্ধানসমূহ পৰিৱেশন কৰোতে ব্যৱহাৰকাৰী অনুভুতি উন্নত কৰে।

python-nss ৰ বাবে PKCS#12 সমৰ্থন

python-nss পেকেইজ, যি নেটৱাৰ্ক সুৰক্ষা সেৱাসমূহ (NSS) আৰু Netscape পৰ্টেবুল ৰানটাইম (NSPR) ৰ বাবে Python বাইণ্ডিংসমূহ প্ৰদান কৰে, তাক PKCS #12 সমৰ্থন প্ৰদান কৰিবলে আপডেইট কৰা হৈছে।

DNS ৰ বাবে সম্পূৰ্ণ স্থায়ী সন্ধান

Red Hat Enterprise Linux 6.4 ত LDAP এ দুয়ো অঞ্চল আৰু সিহতৰ সম্পদ ৰেকৰ্ডবোৰৰ বাবে স্থায়ী সন্ধানৰ সমৰ্থন অন্তৰ্ভুক্ত কৰে। স্থায়ী সন্ধানে bind-dyndb-ldap প্লাগ-ইনক এটা LDAP ডাটাবেইচৰ সকলো পৰিবৰ্তনৰ বিষয়ে তৎক্ষনাত জ্ঞাত কৰাৰ অনুমতি দিয়ে। ই লগতে পুনৰাবৃত পলিং দ্বাৰা প্ৰয়োজনীয় নেটৱাৰ্ক বেণ্ডৱাইড্থৰ ব্যৱহাৰ কম কৰে।

নতুন CLEANALLRUV কাৰ্য্য

ডাটাবেইচ প্ৰতিলিপি আপডেইট কাৰক (RUV) ৰ অপ্ৰয়োজনীয় উপাদানসমূহক CLEANRUV কাৰ্য্যৰ সৈতে আতৰাব পাৰি, যি সিহতক এটা যোগানকাৰী অথবা মাস্টাৰত আতৰায়। Red Hat Enterprise Linux 6.4 এ এটা নতুন CLEANALLRUV কাৰ্য্য যোগ কৰে যি সকলো প্ৰতিলিপিৰ পৰা অপ্ৰয়োজনীয় RUV তথ্য আতৰাব পাৰে আৰু কেৱল এটা যোগানকাৰী/ মাস্টাৰত চলাব লাগে।

samba4 লাইব্ৰেৰীসমূহ আপডেইট কৰা হৈছে

samba4 লাইব্ৰেৰীসমূহ (samba4-libs পেকেইজ দ্বাৰা প্ৰদান কৰা) ক সক্ৰিয় ডাইৰেকটৰি (AD) ডমেইনসমূহৰ সৈতে আন্তঃকাৰ্য্যকৰীতা উন্নত কৰিবলে শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে। SSSD এ এতিয়া এটা AD কি' বিতৰন কেন্দ্ৰ (KDC) দ্বাৰা প্ৰেৰণ কৰা সুবিধা বৈশিষ্ট্য প্ৰমাণপত্ৰ (PAC) বিশ্লেষণ কৰিবলে libndr-krb5pac লাইব্ৰেৰী ব্যৱহাৰ কৰে। অতিৰিক্তভাৱে, স্থানীয় সুৰক্ষা কতৃপক্ষ (LSA) আৰু নেট লগন সেৱাসমূহলে বিভিন্ন উন্নয়ন কৰা হৈছে যাতে এটা Windows চিস্টেমৰ পৰা ভৰষাৰ সতা সত্য নিৰূপণৰ অনুমতি প্ৰাপ্ত হয়। ক্ৰছ ৰেল্ম Kerberos ভৰষা কাৰ্য্যকৰীতাৰ উন্মোচন, যি samba4 পেকেইজসমূহৰ ওপৰত নিৰ্ভৰ কৰে, তাৰ বিষয়ে তথ্যৰ বাবে, Section 5, “পৰিচয় ব্যৱস্থাপনাত ক্ৰছ ৰেল্ম Kerberos ভৰষা কাৰ্য্যকৰীতা” চাওক।

Warning

যদি আপুনি Red Hat Enterprise Linux 6.3 ৰ পৰা Red Hat Enterprise Linux 6.4 লে আপডেইট কৰে আৰু Samba ব্যৱহাৰত আছে, উন্নয়নৰ সময়ত দন্দ প্ৰতিৰোধ কৰিবলে samba4 পেকেইজ আনইনস্টল কৰাটো সুনিশ্চিত কৰক।
যিহেতু ক্ৰছ ৰেল্ম ভৰষা কাৰ্য্যকৰীতাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে ধৰা হয়, নিৰ্বাচিত samba4 উপাদানসমূহক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে ধৰা হয়। কোনবোৰ Samba পেকেইজসমূহক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে ধৰা হয়, তাৰ বিষয়ে তথ্যৰ বাবে, Table 5.1, “Samba4 পেকেইজ সমৰ্থন” চাওক।
পেকেইজৰ নাম 6.4 ত নতুন পেকেইজ? সমৰ্থনৰ অৱস্থা
samba4-libs নহয় প্ৰযুক্তি পূৰ্বদৰ্শন, কেৱল OpenChange দ্বাৰা প্ৰয়োজনীয় কাৰ্য্যকৰীতাৰ বাহিৰে
samba4-pidl নহয় প্ৰযুক্তি পূৰ্বদৰ্শন, কেৱল OpenChange দ্বাৰা প্ৰয়োজনীয় কাৰ্য্যকৰীতাৰ বাহিৰে
samba4 নহয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-client হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-common হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-python হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-winbind হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-dc হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-dc-libs হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-swat হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-test হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-winbind-clients হয় প্ৰযুক্তি পূৰ্বদৰ্শন
samba4-winbind-krb5-locator হয় প্ৰযুক্তি পূৰ্বদৰ্শন
Table 5.1. Samba4 পেকেইজ সমৰ্থন

পৰিচয় ব্যৱস্থাপনাত ক্ৰছ ৰেল্ম Kerberos ভৰষা কাৰ্য্যকৰীতা

পৰিচয় ব্যৱস্থাপনা দ্বাৰা প্ৰদান কৰা ক্ৰছ ৰেল্ম Kerberos ভৰষা কাৰ্য্যকৰীতাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই বৈশিষ্ট্যয় এটা পৰিচয় ব্যৱস্থাপনা আৰু এটা সক্ৰিয় ডাইৰেকটৰি ডমেইনৰ মাজত এটা ভৰষা সম্পৰ্ক সৃষ্টি কৰাৰ অনুমতি দিয়ে। ই বুজায় যে AD ডমেইনৰ পৰা ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ AD তথ্যসমূহৰ সৈতে পৰিচয় ব্যৱস্থাপনা ডমেইনৰ পৰা সম্পদসমূহ আৰু সেৱাসমূহ অভিগম কৰিব পাৰিব। পৰিচয় ব্যৱস্থাপনা আৰু AD ডমেইন নিয়ন্ত্ৰকসমূহৰ মাজত কোনো তথ্য সংমিহলি কৰাৰ প্ৰয়োজন নাই; AD ব্যৱহাৰকাৰীসকলক সদায় AD ডমেইন নিয়ন্ত্ৰকৰ বাবে প্ৰমাণীত কৰা হয় আৰু ব্যৱহাৰকাৰীসকলৰ বাবে তথ্য সংমিহলিৰ প্ৰয়োজনীয়তা নহোৱাকৈ সন্ধান কৰা হয়।
এই বৈশিষ্ট্য বৈকল্পিক ipa-server-trust-ad পেকেইজ দ্বাৰা প্ৰদান কৰা হয়। এই পেকেইজ কেৱল samba4 ত উপলব্ধ বৈশিষ্ট্যসমূহৰ ওপৰত নিৰ্ভৰশীল। যিহেতু samba4-* পেকেইজসমূহে পাৰস্পৰিক samba-* পেকেইজসমূহৰ সৈতে দন্দ কৰে, ipa-server-trust-ad ইনস্টল কৰাৰ আগত সকলো samba-* পেকেইজসমূহ আতৰাব লাগিব।
যেতিয়া ipa-server-trust-ad পেকেইজ ইনস্টল কৰা হয়, ভৰষাসমূহ নিয়ন্ত্ৰণ কৰিবলে পৰিচয় ব্যৱস্থাপনা সামৰ্থবান কৰিবলে সকলো পৰিচয় ব্যৱস্থাপনা চাৰ্ভাৰ আৰু প্ৰতিলিপিসমূহত ipa-adtrust-install কমান্ড চলাব লাগিব। যেতিয়া ই কৰা হয় কমান্ড শাৰীত ipa trust-add অথবা WebUI ব্যৱহাৰ কৰি এটা ভৰষা স্থাপন কৰিব পৰা যাব। অধিক তথ্যৰ বাবে, https://access.redhat.com/knowledge/docs/Red_Hat_Enterprise_Linux/পৰিচয় ব্যৱস্থাপনা সহায়কক্ৰছ ৰেল্ম Kerberos ভৰষাৰে সক্ৰিয় ডাইৰেকটৰিৰ সৈতে অনুকূলন কৰা অংশ চাওক।

389 ডাইৰেকটৰি চাৰ্ভাৰৰ বাবে Posix আঁচনি সমৰ্থন

Windows সক্ৰিয় ডাইৰেকটৰি (AD) এ ব্যৱহাৰকাৰী আৰু দল প্ৰৱিষ্টিসমূহৰ বাবে POSIX আঁচনি (RFC 2307 আৰু 2307bis) সমৰ্থন কৰে। বেছিৰভাগ ক্ষেত্ৰত, AD ক ব্যৱহাৰকাৰী আৰু দল তথ্যৰ কতৃপক্ষিয় উৎস হিচাপে ব্যৱহাৰ কৰা হয়, POSIX বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰাকৈ। Red Hat Enterprise Linux 6.4 ৰ সৈতে, ডাইৰেকটৰি চাৰ্ভাৰ উইন্ডো সংমিহলিয়ে এই বৈশিষ্ট্যসমূহ আৰু উপেক্ষা নকৰে। ব্যৱহাৰকাৰীসকল এতিয়া AD আৰু 389 ডাইৰেকটৰি চাৰ্ভাৰৰ মাজত POSIX বৈশিষ্ট্যসমূহ আৰু Windows সংমিহলি একত্ৰিত কৰিবলে সক্ষম।

Note

যেতিয়া ডাইৰেকটৰি চাৰ্ভাৰলে নতুন ব্যৱহাৰকাৰী আৰু দল প্ৰৱিষ্টিসমূহ যোগ কৰা হয়, POSIX বৈশিষ্ট্যসমূহ AD ৰ সৈতে সংমিহলি কৰা নহয়। AD লে নতুন ব্যৱহাৰকাৰী আৰু দল প্ৰৱিষ্টিসমূহ যোগ কৰিলে সেইসমূহ ডাইৰেকটৰি চাৰ্ভাৰৰ সৈতে সংমিহলিত হব, আৰু বৈশিষ্ট্যসমূহক পৰিবৰ্তন কৰিলে সিহত দুয়ো দিশত সংমিহলিত হব।

Chapter 6. সুৰক্ষা

sudoers প্ৰবিষ্টিসমূহৰ লুক আপসমূহত মিলসমূহৰ কতৃপক্ষিয় ব্যৱহাৰ

sudo সঁজুলিয়ে sudoers প্ৰৱিষ্টিসমূহৰ বাবে /etc/nsswitch.conf ফাইল যোগাযোগ কৰিবলে আৰু সিহতক ফাইলসমূহত চাবলে অথবা LDAP ব্যৱহাৰ কৰিবলে সক্ষম। পূৰ্বতে, যেতিয়া sudoers প্ৰৱিষ্টিসমূহৰ প্ৰথম ডাটাবেইচত এটা মিল পোৱা গৈছিল, বিচৰা কাৰ্য্য তথাপিও অন্য ডাটাবেইচ (ফাইলসমূহৰ লগত) ত অব্যাহত আছিল। Red Hat Enterprise Linux 6.4 ত, /etc/nsswitch.conf ফাইলত এটা বিকল্প যোগ কৰা হৈছিল যি ব্যৱহাৰকাৰীসকলক এটা ডাটাবেইচ ধাৰ্য্য কৰাৰ অনুমতি দিয়ে যাৰ পিছত sudoers প্ৰৱিষ্টি পৰ্যাপ্ত। ই অন্য কোনো ডাটাবেইচক প্ৰশ্ন কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে; ফলস্বৰূপ, ডাঙৰ পৰিৱেশত sudoers প্ৰৱিষ্টি সন্ধানৰ পৰিৱেশন উন্নত হয়। এই ব্যৱহাৰ অবিকল্পিতভাৱে সামৰ্থবান নাথাকে আৰু এটা নিৰ্বাচিত ডাটাবেইচৰ পিছত [SUCCESS=return] যোগ কৰি সংৰূপণ কৰিব লাগিব। যেতিয়া ডাটাবেইচত এই স্ট্ৰিংৰ প্ৰত্যক্ষভাৱে আগত অহা এটা মিল পোৱা যায়, অন্য কোনো ডাটাবেইচক প্ৰশ্ন কৰা নহয়।

pam_cracklib ৰ বাবে অতিৰিক্ত পাছৱাৰ্ড নীৰিক্ষণসমূহ

একাধিক নতুন পাছৱাৰ্ড শক্তি নীৰিক্ষণ যোগ কৰিবলে pam_cracklib মডিউলক আপডেইট কৰা হৈছে:
  • কিছুমান প্ৰমাণীকৰণ নীতিয়ে দীঘল পাছৱাৰ্ড যত দীঘল নিৰন্তৰ ক্ৰম যেনে "abcd" অথবা "98765" থাকে তাৰ অনুমতি নিদিয়ে। এই আপডেইটে নতুন maxsequence বিকল্প ব্যৱহাৰ কৰি এই ক্ৰমসমূহৰ সৰ্বাধিক দৈৰ্ঘ্য সীমিত কৰাৰ সম্ভাবনা যোগ কৰে।
  • pam_cracklib মডিউলে এতিয়া এটা নতুন পাছৱাৰ্ডে /etc/passwd ফাইলৰ প্ৰৱিষ্টিসমূহৰ পৰা GECOS ফিল্ডৰ পৰা শব্দবোৰ অন্তৰ্ভুক্ত কৰে নে নীৰিক্ষণ কৰাৰ অনুমতি দিয়ে। ব্যৱহাৰকাৰীৰ বিষয়ে অতিৰিক্ত তথ্য, যেনে ব্যৱহাৰকাৰীৰ নাম অথবা এটা ফোন নম্বৰ সংৰক্ষণ কৰিবলে GECOS ফিল্ড ব্যৱহাৰ কৰা হয়, যাক এজন আক্ৰমণকাৰী দ্বাৰা পাছৱাৰ্ড ভঙাৰ চেষ্টা কৰিবলে ব্যৱহাৰ কৰিব পাৰি।
  • pam_cracklib মডিউলে এতিয়া maxrepeatclass বিকল্পৰ সহায়ত এটা পাছৱাৰ্ডত একেটা শ্ৰেণীৰ নিৰন্তৰ আখৰ (তলৰফলা, ওপৰফলা, সংখ্যা আৰু বিশেষ আখৰ) ৰ সৰ্বাধিক অনুমোদিত সংখ্যা ধাৰ্য্য কৰাৰ অনুমতি দিয়ে।
  • pam_cracklib মডিউলে এতিয়া enforce_for_root বিকল্প সমৰ্থন কৰে, যি ৰুট একাওন্টৰ বাবে নতুন পাছৱাৰ্ডসমূহত জটিলতা বাধাসমূহ বলৱৎ কৰে।

tmpfs Polyinstantiation ৰ বাবে আকাৰৰ বিকল্প

এটা চিস্টেম যত একাধিক tmpfs মাউন্ট আছে, সিহতৰ আকাৰ সীমিত কৰাটো প্ৰয়োজনীয় যাতে সিহতে চিস্টেমৰ সম্পূৰ্ণ মেমৰি আয়ত্ত নকৰে। tmpfs polyinstantiation ব্যৱহাৰ কৰোতে /etc/namespace.conf সংৰূপ ফাইলত mntopts=size=<size> বিকল্প ব্যৱহাৰ কৰি tmpfs ফাইল চিস্টেম মাউন্টৰ সৰ্বাধিক আকাৰ ধাৰ্য্য কৰাৰ অনুমতি ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিবলে PAM আপডেইট কৰা হৈছে।

নিষ্ক্ৰিয় একাওন্টসমূহ লক কৰা

কিছুমান প্ৰমাণীকৰণ নীতিৰ এটা নিশ্চিত সময় ধৰি ব্যৱহাৰ নকৰা একাওন্ট লক কৰাৰ বাবে সমৰ্থনৰ প্ৰয়োজন। Red Hat Enterprise Linux 6.4 এ pam_lastlog মডিউললে এটা অথিৰিক্ত ফলন যোগ কৰিছে, যি ব্যৱহাৰকাৰীসকলক এটা সংৰূপণ কৰিব পৰা দিনৰ সংখ্যাৰ পিছত একাওন্টসমূহ লক কৰাৰ অনুমতি দিয়ে।

libica ৰ বাবে কাৰ্য্যৰ নতুন অৱস্থাবোৰ

libica লাইব্ৰেৰী, যি IBM System z ত IBM eServer ক্ৰিপ্টোগ্ৰাফিক ত্বৰক (ICA) হাৰ্ডৱেৰ অভিগম কৰিবলে ফলনসমূহ আৰু সঁজুলিসমূহৰ এটা সংহতি অন্তৰ্ভুক্ত কৰে, তাক পৰিবৰ্তন কৰা হৈছে যাতে ক্ৰিপ্টোগ্ৰাফিক ফলন (CPACF) ৰ বাবে কেন্দ্ৰীয় প্ৰচেছৰ সহায়ত বাৰ্তা সুৰক্ষা সহায় সম্প্ৰসাৰণ 4 নিৰ্দেশবোৰ সমৰ্থন কৰা নতুন এলগৰিথমৰ ব্যৱহাৰ অনুমোদিত হয়। DES আৰু 3DES খণ্ড চিফাৰসমূহৰ বাবে, কাৰ্য্যৰ নিম্নলিখিত অৱস্থাবোৰ এতিয়া সমৰ্থিত:
  • চিফাৰটেক্সট স্টিলিং (CBC-CS) ৰ সৈতে চিফাৰ খণ্ড শৃংখলকৰণ
  • চিফাৰ-ভিত্তিয় বাৰ্তা প্ৰমাণীকৰণ ক'ড (CMAC)
AES খণ্ড চিফাৰৰ বাবে, কাৰ্য্যৰ নিম্নলিখিত অৱস্থাবোৰ সমৰ্থিত:
  • চিফাৰটেক্সট স্টিলিং (CBC-CS) ৰ সৈতে চিফাৰ খণ্ড শৃংখলকৰণ
  • চিফাৰ খণ্ড শৃংখলকৰণ বাৰ্তা প্ৰমাণীকৰণ ক'ড (CCM) ৰ সৈতে কাউন্টাৰ
  • Galois/কাউন্টাৰ (GCM)
জটিল ক্ৰিপ্টোগ্ৰাফিক এলগৰিথমৰ এই ত্বৰক IBM System z মেচিনসমূহৰ পৰিৱেশন উন্নত কৰে।

System z ৰ বাবে zlib সংকোচন লাইব্ৰেৰীৰ বাবে অনুকূলন আৰু সমৰ্থন

zlib লাইব্ৰেৰী, এটা সাধাৰণ-কাৰণ ক্ষতিহিন সংকোচন লাইব্ৰেৰী, IBM System z ত পৰিৱেশন উন্নত কৰিবলে আপডেইট কৰা হৈছে।

ফলবেক ফায়াৰৱাল সংৰূপ

iptables আৰু ip6tables সেৱাসমূহে এতিয়া এটা ফলবেক ফায়াৰৱাল সংৰূপ ধাৰ্য্য কৰাৰ ক্ষমতা প্ৰদান কৰে যদি অবিকল্পিত সংৰূপসমূহ প্ৰয়োগ কৰিব নোৱাৰি। যদি /etc/sysconfig/iptables ৰ পৰা ফায়াৰৱাল নিয়মসমূহ প্ৰয়োগ কৰা ব্যৰ্থ হয়, ফলবেক ফাইল প্ৰয়োগ কৰা হয় যদি ই অস্তিত্ববান থাকে। ফলবেক ফাইলক /etc/sysconfig/iptables.fallback নাম দিয়া হয় আৰু iptables-save ফাইল বিন্যাস ব্যৱহাৰ কৰে (/etc/sysconfig/iptables ৰ নিচিনা একে)। যদি ফলবেক ফাইলৰ এপ্লিকেচনো ব্যৰ্থ হয়, তাৰ পিছত আৰু ফলবেক নহয়। এটা ফলবেক ফাইল সৃষ্টি কৰিবলে, প্ৰামাণিক ফায়াৰৱাল সংৰূপ সঁজুলিসমূহ ব্যৱহাৰ কৰক আৰু ফাইলক পুনৰ নামাকৰণ কৰক অথবা ফলবেক ফাইললে কপি কৰক। ip6tables সেৱাৰ বাবেও একেটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰক, কেৱল iptables ৰ প্ৰত্যাকটো উপস্থিতিক ip6tables ৰ সৈতে প্ৰতিস্থাপন কৰক।

Chapter 7. এনটাইটেলমেন্ট

স্ট্ৰিং আপডেইটসমূহ

Red Hat Enterprise Linux 6.4 ত, স্বাক্ষৰণ ব্যৱস্থাপকত কেইবাটাও স্ট্ৰিং পুনৰ নামাকৰণ কৰা হৈছে:
  • subscribeattach লে পুনৰ নামাকৰণ কৰা হৈছে
  • auto-subscribeauto-attach লে পুনৰ নামাকৰণ কৰা হৈছে
  • unsubscriberemove লে পুনৰ নামাকৰণ কৰা হৈছে
  • consumersystem অথবা unit লে পুনৰ নামাকৰণ কৰা হৈছে

প্ৰক্সি সংযোগ পৰিক্ষা কৰা

প্ৰক্সি সংৰূপ ডাইলগে এতিয়া ব্যৱহাৰকাৰীসকলক এটা মান সুমুৱাৰ পিছত এটা প্ৰক্সিলে সংযোগ পৰিক্ষা কৰাৰ অনুমতি দিয়ে।

একাধিক এন্টাইটেলমেন্ট স্বাক্ষৰ অথবা অস্বাক্ষৰ কৰা

স্বাক্ষৰণ ব্যৱস্থাপক এতিয়া ক্ৰমিক সংখ্যা ব্যৱহাৰ কৰি এটা সময়তে একাধিক এন্টাইটেলমেন্ট স্বাক্ষৰ (attach) অথবা অস্বাক্ষৰ (remove) কৰিবলে সক্ষম।

GUI ত সক্ৰিয়কৰণ কি'ৰ সমৰ্থন

স্বাক্ষৰণ ব্যৱস্থাপক গ্ৰাফিকেল ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠয় এতিয়া আপোনাক এটা সক্ৰিয়কৰণ কি' ব্যৱহাৰ কৰি এটা চিস্টেম ৰেজিস্টাৰ কৰাৰ অনুমতি দিয়ে। সক্ৰিয়কৰণ কি'সমূহে এতিয়া ব্যৱহাৰকাৰীসকলক এটা চিস্টেম ৰেজিস্টাৰ কৰাৰ আগত স্বাক্ষৰণসমূহ পূৰ্বসংৰূপণ কৰাৰ অনুমতি দিয়ে।

বহিৰ্তম চাৰ্ভাৰসমূহৰ বাবে ৰেজিস্টাৰ কৰা

স্বাক্ষৰণ ব্যৱস্থাপকত এটা চিস্টেম ৰেজিস্টাৰ কৰোতে এটা দূৰৱৰ্তী চাৰ্ভাৰ নিৰ্বাচনৰ বাবে সমৰ্থন এতিয়া সমৰ্থিত। ৰেজিস্ট্ৰেষণ প্ৰক্ৰিয়াৰ সময়ত, এটা পোৰ্ট আৰু এটা উপসৰ্গৰ সৈতে, স্বাক্ষৰণ ব্যৱস্থাপক ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠয় ৰেজিস্টাৰ কৰিবলে এটা চাৰ্ভাৰৰ URL নিৰ্বাচন কৰাৰ বিকল্প প্ৰদান কৰে। অতিৰিক্তভাৱে, কমান্ড লাইনত ৰেজিস্টাৰ কৰোতে, --serverurl বিকল্পক ৰেজিস্টাৰ কৰিব লগিয়া চাৰ্ভাৰ ধাৰ্য্য কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই বৈশিষ্ট্যৰ বিষয়ে অধিক জানিবলে, স্বাক্ষৰণ ব্যৱস্থাপক সহায়কএটা চিস্টেম ৰেজিস্টাৰ, আনৰেজিস্টাৰ আৰু পুনৰ ৰেজিস্টাৰ কৰা অংশ চাওক।

GUI ব্যৱহাৰৰ পৰিবৰ্তনবোৰ

গ্ৰাহকৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি স্বাক্ষৰণ ব্যৱস্থাপক GUI ক বিভিন্ন পৰিবৰ্তনৰ সৈতে প্ৰসাৰিত কৰা হৈছে।

Chapter 8. ভাৰছুৱেলাইজেষণ

8.1. KVM

virtio-SCSI

KVM ৰ ভাৰছুৱেলাইজেষণ সংৰক্ষণ স্টেকক virtio-SCSI (KVM ৰ বাবে SCSI ভিত্তিয় সংৰক্ষণ স্থাপত্য) ক্ষমতাসমূহ যোগ কৰি উন্নত কৰা হৈছে। Virtio-SCSI এ প্ৰত্যক্ষভাৱে SCSI LUNs লে সংযোগ কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু virtio-blk ৰ তুলনাত স্কেলেবিলিটি উন্নত কৰে। virtio-SCSI ৰ সুবিধা হল যে ই virtio-blk ৰ তুলনাত কেইবা শতক ডিভাইচ নিয়ন্ত্ৰণ কৰিলে সক্ষম যি আনুমানিক কেৱল ২৫ টা ডিভাইচ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু PCI স্লটসমূহ ভৰ্তি কৰি পেলায়।
Virtio-SCSI এতিয়া লক্ষ্য ডিভাইচৰ বৈশিষ্ট আহৰণ কৰিবলে সক্ষম, নিম্নলিখিত ক্ষমতাৰ সৈতে:
  • virtio-scsi নিয়ন্ত্ৰকৰ সহায়ত এটা ভাৰছুৱেল হাৰ্ড ড্ৰাইভ অথবা CD সংলঘ্ন কৰা,
  • QEMU scsi-খণ্ড ডিভাইচৰ সহায়ত হস্টৰ পৰা অতিথিলে এটা ভৌতিক ডিভাইচৰ সহায়ত পাছ-থ্ৰু কৰা,
  • আৰু প্ৰতি অতিথি কেইবা শতক ডিভাইচৰ ব্যৱহাৰৰ অনুমতি দিয়া; virtio-blk ৰ ‌~২৫-ডিভাইচ সীমাৰ পৰা এটা উন্নতি।
virtio-scsi ক Red Hat Enterprise Linux 6.3 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছিল আৰু ইয়াক Red Hat Enterprise Linux 6.4 ত সম্পূৰ্ণভাৱে সমৰ্থিত হিচাপে উন্নত কৰা হৈছে। Windows অতিথিসমূহ (Windows XP ক বাদ দি) শেহতীয়া virtio-win ড্ৰাইভাৰসমূহৰ সৈতে সমৰ্থিত।

Intel ৰ পৰৱৰ্তী-প্ৰজন্ম কৌৰ প্ৰচেছৰৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 6.4 এ Intel ৰ পৰৱৰ্তী-প্ৰজন্ম কৌৰ প্ৰচেছৰৰ বাবে সমৰ্থন qemu-kvm লে যোগ কৰে যাতে KVM অতিথিসকলে এই প্ৰচেছৰে প্ৰদান কৰা নতুন বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰিব পাৰে, আটাইতকৈ গুৰুত্বপূৰ্ণ হল: এডভান্সড ভেক্টৰ এক্সটেন্সন 2 (AVX2), বিট-মেনিপুলেষণ ইনস্ট্ৰাকষণ 1 (BMI1), বিট-মেনিপুলেষণ ইনস্ট্ৰাকষণ 2 (BMI2), হাৰ্ডৱেৰ লক এলিচিঅন (HLE), ৰেস্ট্ৰিক্টেড ট্ৰান্সেকষণেল মেমৰি (RTM), প্ৰচেছ-কনটেক্সট আইডেন্টিফায়াৰ (PCID), ইনভেলিডেইট প্ৰচেছ কনটেক্সট আইডেন্টিফায়াৰ (INVPCID), ফিউস্ড মাল্টিপ্লাই এড (FMA), বিগ-এন্ডিয়ান মুভ ইনস্ট্ৰাকষণ (MOVBE), F চেগমেন্ট G চেগমেন্ট BASE ইনস্ট্ৰাকষণ (FSGSBASE), চুপাৰভাইছৰ ম'ড এক্সিকিউষণ প্ৰিভেনষণ (SMEP), এনহান্সড REP MOVSB/STOSB (ERMS)।

AMD Opteron 4xxx Series CPU ৰ বাবে সমৰ্থন

AMD Opteron 4xxx Series প্ৰচেছৰ এতিয়া qemu-kvm দ্বাৰা সমৰ্থিত। ই এই প্ৰচেছৰ ক্ৰমৰ নতুন বৈশিষ্ট্যসমূহ KVM অতিথিসমূহলে উন্মুক্ত কৰাৰ অনুমতি দিয়ে, যেনে: F16C নিৰ্দেশ সংহতি, ট্ৰেইলিং বিট মেনিপুলেষণ, বিট-মেনিপুলেষণ ইনস্ট্ৰাকষণ 1 (BMI1) ডেচিমেইট ফলনসমূহ, আৰু ফিউস্ড মাল্টিপ্লাই এড (FMA) নিৰ্দেশ সংহতি।

SPICE ৰে USB ফৰৱাৰ্ডিং ব্যৱহাৰ কৰি অতিথি জীৱন্ত প্ৰব্ৰজন

Red Hat Enterprise Linux 6.4 ত, KVM এ SPICE ৰে USB ফৰৱাৰ্ডিং ব্যৱহাৰ কৰি অতিথিসকলৰ জীৱন্ত প্ৰব্ৰজন সমৰ্থন কৰে, সকলো সংৰূপিত ডিভাইচৰ বাবে স্থায়ী USB ডিভাইচ পুনৰনিৰ্দেশ ব্যৱস্থাপনা কৰাকৈ।

USB ডিভাইচসমূহ ব্যৱহাৰ কৰি অতিথিসকলৰ জীৱন্ত প্ৰব্ৰজন

Red Hat Enterprise Linux 6.4 ত, KVM এ USB ডিভাইচসমূহৰ সৈতে অতিথিসকলৰ জীৱন্ত প্ৰব্ৰজন সমৰ্থন কৰে। নিম্নলিখিত ডিভাইচসমূহ সমৰ্থিত: এনহান্সড হস্ট কনট্ৰলাৰ ইন্টাৰফেইচ (EHCI) আৰু ইউনিভাৰছেল হস্ট কনট্ৰলাৰ ইন্টাৰফেইচ (UHCI) স্থানীয় পাছথ্ৰু আৰু ইমুলেটেড ডিভাইচসমূহ যেনে সংৰক্ষণ ডিভাইচসমূহ, মাইছ, কি'বৰ্ডসমূহ, হাবসমূহ, আৰু অন্য।

QEMU অতিথি সহায়কক উন্নত কৰা হৈছে

QEMU অতিথি সহায়ক (qemu-guest-agent পেকেইজ দ্বাৰা প্ৰদান কৰা) এতিয়া Red Hat Enterprise Linux 6.4 ত সম্পূৰ্ণভাৱে সমৰ্থিত। ইয়াক আপস্ট্ৰিম সংস্কৰণ 1.1 লে উন্নত কৰা হৈছে, আৰু নিম্নলিখিত গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণসমূহ আৰু বাগ সমাধানসমূহ অন্তৰ্ভুক্ত কৰে:
  • guest-suspend-disk আৰু guest-suspend-ram কমান্ডসমূহক এতিয়া এটা Windows চিস্টেমত RAM লে অথবা ডিস্কলে স্থগিত কৰিবলে ব্যৱহাৰ কৰিব পাৰি।
  • guest-network-get-interfaces কমান্ডক এতিয়া Linux ত নেটৱাৰ্ক আন্তঃপৃষ্ঠ তথ্য প্ৰাপ্ত কৰিবলে ব্যৱহাৰ কৰিব পাৰি।
  • এই আপডেইটে ফাইল চিস্টেম ফ্ৰিজ সমৰ্থন উন্নয়ন আৰু সমাধানসমূহ প্ৰদান কৰে।
  • এই আপডেইটে বিভিন্ন তথ্যচিত্ৰ সমাধান আৰু সৰু উন্নয়নসমূহ অন্তৰ্ভুক্ত কৰে।

পাৰাভাৰছুৱেলাইজ্ড এন্ড-অফ-ইন্টাৰাপ্ট ইন্ডিকেষণ (PV-EOI)

Red Hat Enterprise Linux 6.3 আৰু পুৰনি সংস্কৰণসমূহ চলোৱা হস্ট আৰু অতিথিসমূহক প্ৰতিটো বাধাৰ বাবে দুটা VM প্ৰস্থান (এটা VM ৰ পৰা হাইপাৰভাইছৰলে পৰিপ্ৰেক্ষতিত চুইচ) ৰ প্ৰয়োজন: এটা বাধাক বাহিৰ উলিৱাবলে, আৰু আনটো বাধাৰ অন্ত চিহ্নিত কৰিবলে। যেতিয়া দুয়ো হস্ট আৰু অতিথি চিস্টেমসমূহক কেৱল Red Hat Enterprise Linux 6.4 অথবা নতুনলে আপডেইট কৰা হয়, সিহতে এটা পাৰাভাৰছুৱেলাইজ্ড এন্ড-অফ-ইন্টাৰাপ্ট বৈশিষ্ট্য ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰতি ইন্টাৰাপ্ট এটা চুইচৰ প্ৰয়োজন হয়। ফলস্বৰূপ, Red Hat Enterprise Linux 6.4 অথবা নতুনক এটা হস্ট আৰু এটা অতিথি হিচাপে ব্যৱহাৰ কৰিলে, প্ৰস্থানসমূহ সংখ্যা ইন্টাৰাপ্ট-ইন্টেচিভ কাৰ্য্যভাৰসমূহৰ বাবে আধালে কম কৰা হয়, যেনে এটা virtio নেটাৱাৰ্ক ডিভাইচৰ সৈতে আহি থকা নেটৱাৰ্ক ট্ৰাফিক। ই এনেধৰণৰ কাৰ্য্যভাৰসমূহৰ বাবে হস্ট CPU ব্যৱহাৰত গুৰুত্বপূৰ্ণ ত্ৰাস আনে। মন কৰিব যে কেৱল প্ৰান্ত ইন্টাৰাপ্টসমূহ বৃদ্ধিত কৰা হয়: উদাহৰণস্বৰূপ e1000 নেটৱাৰ্কিং এ স্থৰ বাধাসমূহ ব্যৱহাৰ কৰে আৰু ইয়াক উন্নত কৰা হোৱা নাই।

সংৰূপণযোগ্য শব্দ পাছ-থ্ৰু

এটা শব্দ ডিভাইচক অতিথি চিস্টেমত এতিয়া এটা মাইক্ৰফোন অথবা এটা স্পিকাৰ হিচাপে চিনাক্ত কৰিব পাৰি (line-in আৰু line-out হিচাপে চিনাক্ত কৰাৰ অতিৰিক্তে)। শব্দ ডিভাইচসমূহ এতিয়া অতিথি এপ্লিকেচনসমূহত সঠিকভাৱে কাৰ্য্য কৰিব পাৰে যি শব্দ ৰেক্ৰডিং আৰু অডিঅ'ৰ বাবে নিৰ্দিষ্ট ধৰণৰ ইনপুট গ্ৰহণ কৰে।

8.2. Hyper-V

Microsoft Hyper-V ড্ৰাইভাৰসমূহৰ অন্তৰ্ভুক্তকৰণ, আৰু অতিথি ইনস্টলেষণৰ সমৰ্থন

Microsoft Hyper-V ত Red Hat Enterprise Linux 6.4 ৰ অনুকলিত Red Hat Enterprise Linux অতিথি ইনস্টলেষণ, আৰু Hyper-V পৰা-ভাৰছুৱেলাইজ্ড ডিভাইচ সমৰ্থনে ব্যৱহাৰকাৰীসমূহক Microsoft Hyper-V হাইপাৰভাইছাৰত Red Hat Enterprise Linux 6.4 ক এটা অতিথি হিচাপে চলোৱাৰ অনুমতি দিয়ে। Red Hat Enterprise Linux 6.4 ৰ কাৰনেলৰ সৈতে নিম্নলিখিত Hyper-V ড্ৰাইভাৰসমূহ আৰু ঘড়ী উৎস যোগ কৰা হৈছে:
  • এটা নেটৱাৰ্ক ড্ৰাইভাৰ (hv_netvsc)
  • এটা সংৰক্ষণ ড্ৰাইভাৰ (hv_storvsc)
  • এটা HID-সংগত মাউছ ড্ৰাইভাৰ (hid_hyperv)
  • এটা VMbus ড্ৰাইভাৰ (hv_vmbus)
  • এটা util ড্ৰাইভাৰ (hv_util)
  • এটা IDE ডিস্ক ড্ৰাইভাৰ (ata_piix)
  • এটা ঘড়ি উৎস (i386, AMD64/Intel 64: hyperv_clocksource)
Red Hat Enterprise Linux 6.4 এ লগতে এটা ঘড়ী উৎস হিচাপে Hyper-V আৰু এটা অতিথি Hyper-V Key-Value যোৰ (KVP) ডিমন (hypervkvpd) ৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰে যি VMbus ৰ সহায়ত, হস্টলে মৌলিক তথ্য, যেনে অতিথি IP, FQDN, OS নাম, আৰু OS উন্মোচন সংখ্যা প্ৰেৰণ কৰে।

8.3. VMware ESX

VMware PV ড্ৰাইভাৰসমূহ

VMware পাৰা-ভাৰছুৱেলাইজ্ড ড্ৰাইভাৰসমূহ আপডেইট কৰা হৈছে যাতে VMware ESX ত Red Hat Enterprise Linux 6.4 চলাওতে এটা বাধাহিন বিশেষ অনুভুতি প্ৰাপ্ত হয়। ইনস্টলেষণ প্ৰক্ৰিয়াৰ সময়ত ড্ৰাইভাৰসমূহ তালিকাভুক্ত কৰিবলে Anaconda ইনস্টলাৰ আপডেইট কৰা হৈছে। নিম্নলিখিত ড্ৰাইভাৰসমূহ আপডেইট কৰা হৈছৈ:
  • এটা নেটৱাৰ্ক ড্ৰাইভাৰ (vmxnet3)
  • এটা সংৰক্ষণ ড্ৰাইভাৰ (vmw_pvscsi)
  • এটা মেমৰি বেলুনিং ড্ৰাইভাৰ (vmware_balloon)
  • এটা মাউছ ড্ৰাইভাৰ (vmmouse_drv)
  • এটা ভিডিঅ' ড্ৰাইভাৰ (vmware_drv)

Chapter 9. থুপ খোৱা

IBM iPDU ফেন্স ডিভাইচৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 6.4 এ IBM iPDU ফেন্স ডিভাইচৰ বাবে সমৰ্থন যোগ কৰে। এই ফেন্স ডিভাইচৰ প্ৰাচলসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6 থুপ প্ৰশাসন সহায়কত ফেন্স ডিভাইচ প্ৰাচল সূচী চাওক।

Eaton নেটৱাৰ্ক শক্তি নিয়ন্ত্ৰক ফেন্স ডিভাইচৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 6.4 এ fence_eaton_snmp ৰ বাবে সমৰ্থন যোগ কৰে, SNMP নেটৱাৰ্ক শক্তি চুইচৰে Eaton ৰ বাবে ফেন্স সহায়ক। এই ফেন্স সহায়কৰ প্ৰাচলসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6 থুপ প্ৰশাসন সহায়কত ফেন্স ডিভাইচ প্ৰাচলসমূহ সূচী চাওক।

নতুন keepalived পেকেইজ

Red Hat Enterprise Linux 6.4 এ keepalived পেকেইজক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰে। keepalived পেকেইজে ল'ড-বেলেন্সিং আৰু উচ্চ-উপলব্ধতাৰ বাবে সহজ আৰু বৃহত সুবিধা প্ৰদান কৰে। ল'ড-বেলেন্সিং ফ্ৰেইমৱাৰ্ক স্তৰ ৪ নেটৱাৰ্ক ল'ড বেলেন্সিং প্ৰদান কৰা জনাজাত আৰু বৃহতভাৱে ব্যৱহৃত Linux ভাৰছুৱেল চাৰ্ভাৰ কাৰনেল মডিউলৰ ওপৰত নিৰ্ভৰ কৰে। keepalived ডিমনে ল'ড বেলেন্স চাৰ্ভাৰ পুলসমূহৰ বাবে সিহতৰ অৱস্থা অনুসৰি স্বাস্থ্য নীৰিক্ষকসমূহৰ এটা সংহতি প্ৰণয়ন কৰে। keepalived ডিমনে লগতে ভাৰছুৱেল ৰুটাৰ ৰিডান্ডেন্সি প্ৰটোকল (VRRP) প্ৰণয়ন কৰে, ৰুটাৰ আৰু ডাইৰেকটৰ ফেইলঅভাৰক উচ্চ উপলব্ধতা প্ৰাপ্ত কৰাৰ অনুমতি দিয়াকৈ।

Watchdog পুনৰুদ্ধাৰ

নতুন fence_sanlock and checkquorum.wdmd ফেন্স সহায়কসমূহ যাক Red Hat Enterprise Linux 6.4 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে যোগ কৰা হৈছে, এটা watchdog ডিভাইচৰ সহায়ত এটা ন'ড পুনৰুদ্ধাৰ আৰম্ভ কৰিবলে নতুন পদ্ধতিসমূহ প্ৰদান কৰে। এই প্ৰযুক্তি পূৰ্বদৰ্শন সামৰ্থবান কৰিবলে শিক্ষা https://fedorahosted.org/cluster/wiki/HomePage ত উপলব্ধ থাকিব।

VMDK-ভিত্তিয় সংৰক্ষণৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 6.4 এ VMware ৰ একাধিক-ৰাইটাৰ বিকল্পৰ সৈতে VMDK (ভাৰছুৱেল মেচিন ডিস্ক) ডিস্ক ছবি প্ৰযুক্তিক ব্যৱহাৰ কৰা থুপসমূহৰ বাবে সমৰ্থন যোগ কৰে। ই আপোনাক অনুমতি দিয়ে, উদাহৰণস্বৰূপ, থুপ ফাইল চিস্টেমসমূহ যেনে GFS2 ৰ বাবে একাধিক-ৰাইটাৰ বিকল্পৰ সৈতে VMDK-ভিত্তিয় সংৰক্ষণ ব্যৱহাৰ কৰাৰ।

Chapter 10. সংৰক্ষণ

সমান্তৰাল NFS সম্পূৰ্ণভাৱে সমৰ্থিত

সমান্তৰাল NFS (pNFS) NFS v4.1 প্ৰামাণিকৰ এটা অংশ যি ক্লাএন্টসমূহক সংৰক্ষণ ডিভাইচসমূহ প্ৰত্যক্ষভাৱে আৰু সমান্তৰালভাৱে অভিগম কৰাৰ অনুমতি দিয়ে। pNFS স্থাপত্যয় কেইবাটাও সাধাৰণ কাৰ্য্যভাৰৰ বাবে NFS চাৰ্ভাৰসমূহৰ স্কেইলেবিলিটি আৰু পৰিৱেশন উন্নত কৰিব পাৰে। Red Hat Enterprise Linux 6.4 ত, pNFS সম্পূৰ্ণভাৱে সমৰ্থিত।
pNFS এ তিনিটা ভিন্ন সংৰক্ষণ প্ৰটোকল অথবা বিন্যাস: ফাইলসমূহ, অবজেক্টসমূহ আৰু খণ্ডসমূহ সমৰ্থন কৰে। Red Hat Enterprise Linux 6.4 NFS ক্লাএন্টে ফাইলসমূহ বিন্যাস প্ৰটোকল সমৰ্থন কৰে।
এই নতুন কাৰ্য্যকৰীতা সামৰ্থবান কৰিবলে এটা pNFS-সামৰ্থবান চাৰ্ভাৰৰ পৰা মাউন্টসমূহত নিম্নলিখিত মাউন্ট বিকল্পসমূহৰ এটা ব্যৱহাৰ কৰক: -o minorversion=1 or -o v4.1
যেতিয়া চাৰ্ভাৰ pNFS-সামৰ্থবান, nfs_layout_nfsv41_files কাৰনেল মডিউল প্ৰথম মাউন্টত স্বচালিতভাৱে ল'ড কৰা হয়। এই মডিউল ল'ড কৰা হৈছিল সতা সত্য নিৰূপণ কৰিবলে নিম্নলিখিত কমান্ড ব্যৱহাৰ কৰক:
~]$ lsmod | grep nfs_layout_nfsv41_files
pNFS ৰ বিষয়ে অধিক তথ্যৰ বাবে, http://www.pnfs.com/ চাওক।

XFS অনলাইন অপসাৰণ সমৰ্থন

এটা মাউন্ট কৰা ফাইল চিস্টেমত পৰিৱেশন কৰা এটা অনলাইন অপসাৰণ কাৰ্য্যয় ফাইল চিস্টেম দ্বাৰা ব্যৱহাৰ নহোৱা খণ্ডবোৰ অপসাৰণ কৰে। অনলাইন অপসাৰণ কাৰ্য্যসমূহ এতিয়া XFS ফাইল চিস্টেমসমূহত সমৰ্থিত। অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6 সংৰক্ষণ প্ৰশাসন সহায়কঅব্যৱহৃত খণ্ডবোৰ অপসাৰণ কৰক চাওক।

Micron PCIe SSD ৰ বাবে LVM সমৰ্থন

Red Hat Enterprise Linux 6.4 ত, LVM এ ডিভাইচসমূহ যি ভলিউম দলৰ এটা অংশ হব পাৰে সেই ৰূপে Micron PCIe কঠিন অৱস্থা ড্ৰাইভ (SSDs) ৰ বাবে সমৰ্থন যোগ কৰে।

2-way Mirror RAID10 ৰ বাবে LVM সমৰ্থন

LVM এতিয়া RAID10 যৌক্তিক আয়তনসমূহ সৃষ্টি কৰিবলে, আতৰাবলে, আৰু পুনৰ আকাৰ দিবলে সক্ষম। এটা RAID10 যৌক্তিক আয়তন সৃষ্টি কৰিবলে, অন্য RAID ধৰণসমূহৰ নিচিনা, নিম্নলিখিত ধৰণে অংশৰ ধৰণ ধাৰ্য্য কৰক:
~]# lvcreate --type raid10 -m 1 -i 2 -L 1G -n lv vg
মন কৰিব যে -m আৰু -i তৰ্কসমূহে অন্য অংশ ধৰণৰ সৈতে ব্যৱহাৰ কৰা দৰে ব্যৱহাৰ কৰে। ইয়াৰ অৰ্থ, -i হল স্ট্ৰাইপ্চৰ সৰ্বমুঠ সংখ্যা আৰু -m হল (অতিৰিক্ত) কপিসমূহৰ সংখ্যা (ইয়াৰ অৰ্থ, -m 1 -i 2 এ 2-way mirrors ৰ ওপৰত 2 স্ট্ৰাইপচ্ দিয়ে)।

ডিভাইচ মেপাৰ ডিভাইচসমূহৰ সহায়ত SCSI স্থায়ী সংৰক্ষণসমূহ সংস্থাপন আৰু ব্যৱস্থাপনা কৰক

আগতে বহুপথ ডিভাইচসমূহত স্থায়ী সংৰক্ষণসমূহ সংস্থাপন কৰিবলে, ইয়াক সকলো পথ ডিভাইচসমূহত সংস্থাপন কৰাটো প্ৰয়োজনীয় আছিল। যদি এটা পথ ডিভাইচ পিছত যোগ কৰা হৈছিল, সেই পথলে হস্তচালিতভাৱে সংৰক্ষণসমূহ যোগ কৰাটো প্ৰয়োজনীয় আছিল। Red Hat Enterprise Linux 6.4 এ mpathpersist কমান্ডৰ সৈতে ডিভাইচ মেপাৰ ডিভাইচসমূহৰৰে SCSI স্থায়ী সংৰক্ষণসমূহ সংস্থাপন আৰু ব্যৱস্থাপনা কৰাৰ ক্ষমতা যোগ কৰে। যেতিয়া পথ ডিভাইচসমূহ যোগ কৰা হয়, সেই ডিভাইচসমূহত স্থায়ী সংৰক্ষণসমূহ যোগ কৰা হয়।

Chapter 11. কমপাইলাৰ আৰু সঁজুলিসমুহ

SystemTap ক সংস্কৰণ 1.8 লে আপডেইট কৰা হৈছে

SystemTap এটা অনুসৰন আৰু প্ৰৱেশক সঁজুলি যোনে ব্যৱহাৰকাৰীক অপাৰেটিং চিস্টেমৰ কাৰ্য্যসমূহ (প্ৰধানকৈ, কাৰনেল) ভাল বিৱৰণত অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাৰ অনুমতি দিয়ে। ই netstat, ps, top, আৰু iostat -ৰ নিচিনা আউটপুট সঁজুলিসমূহৰ সদৃশ তথ্য যোগান দিয়ে; যি কি নহওক SystemTap সংগ্ৰহীত তথ্যৰ বাবে অধিক চাকনী আৰু বিশ্লেষণ বিকল্পসমূহ যোগান দিয়াৰ কাৰণে ৰূপাঙ্কীত।
Red Hat Enterprise Linux 6.4 ত systemtap পেকেইজক আপস্ট্ৰিম সংস্কৰণ 1.8 লে উন্নত কৰা হৈছে, যি কেইবাটাও বাগৰ সমাধান আৰু সম্প্ৰসাৰণসমূহ প্ৰদান কৰে:
  • @var বাক্যবিন্যাস এতিয়া uprobe আৰু kprobe হেণ্ডলাৰসমূহ (প্ৰক্ৰিয়া, কাৰনেল, মডিউল) ত DWARF চলকসমূহ অভিগম কৰিবলে বিকল্প ভাষা বাক্যবিন্যাস।
  • SystemTap এ এতিয়া টেপচেটসমূহ দ্বাৰা অন্তৰ্ভুক্ত কৰা C হেডাৰসমূহৰ সৈতে খুন্দা প্ৰতিৰোধ কৰিবলে স্থানীয় চলকসমূহ নষ্ট কৰে।
  • SystemTap কমপাইল-চাৰ্ভাৰ আৰু ক্লাএন্টে এতিয়া IPV6 নেটৱাৰ্কসমূহ সমৰ্থন কৰে।
  • SystemTap চলনসময় (staprun) এ এতিয়া স্ক্ৰিপ্টসমূহৰ পৰা কম-থ্ৰপুট আউটপুৰ বাবে পল কৰিবলে কম সঘন ৱেইক-আপসমূহৰ অনুমতি দিবলে এটা -T সময়অন্ত বিকল্প গ্ৰহণ কৰে।
  • SystemTap স্ক্ৰিপ্ট অনুবাদক ড্ৰাইভাৰ (stap) এ এতিয়া নিম্নলিখিত সম্পদ সীমা বিকল্পসমূহ প্ৰদান কৰে:
    --rlimit-as=NUM
    --rlimit-cpu=NUM
    --rlimit-nproc=NUM
    --rlimit-stack=NUM
    --rlimit-fsize=NUM
    
  • SystemTap মডিউলসমূহ এতিয়া আৰু সৰু আৰু সোনকালে কমপাইল কৰে। মডিউলসমূহ debuginfo এতিয়া অবিকল্পিতভাৱে দবাই ৰখা হয়।
  • বাগ CVE-2012-0875 (ক্ষতিগ্ৰস্থ DWARF আনউইন্ড তথ্য প্ৰক্ৰিয়া কৰোতে কাৰনেল স্তব্ধতা) এতিয়া সম্পূৰ্ণভাৱে ঠিক।

lscpu আৰু chcpu সঁজুলিসমূহ

lscpu সঁজুলি, যি উপলব্ধ CPUs ৰ বিষয়ে বিৱৰিত তথ্য প্ৰদৰ্শন কৰে তাক কেইবাটাও নতুন বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰিবলে আপডেইট কৰা হৈছে। লগতে, এটা নতুন সঁজুলি, chcpu, যোগ কৰা হৈছে, যি আপোনাক CPU অৱস্থা (অনলাইন/অফলাইন, স্টেণ্ডবাই/সক্ৰিয়, আৰু অন্য অৱস্থাসমূহ) পৰিবৰ্তন কৰাৰ, CPUs অসামৰ্থবান আৰু সামৰ্থবান কৰাৰ, আৰু ধাৰ্য্যত CPUs সংৰূপণ কৰাৰ অনুমতি দিয়ে।
এই সঁজুলিসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, lscpu(1) আৰু chcpu(8) man পৃষ্ঠাবোৰ চাওক।

Chapter 12. সাধাৰণ আপডেইটসমূহ

আপডেইটেড samba পেকেইজসমূহ

Red Hat Enterprise Linux 6.4 এ পুনৰভিত্ত samba পেকেইজসমূহ অন্তৰ্ভুক্ত কৰে যি কেইবাটাও বাগ সমাধান আৰু সম্প্ৰসাৰণ যোগ কৰে, তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হল SMB2 প্ৰটোকলৰ বাবে যোগ কৰা সমৰ্থন। SMB2 সমৰ্থনক /etc/samba/smb.conf ফাইলৰ [global] অংশত নিম্নলিখিত প্ৰাচলৰ সৈতে সামৰ্থবান কৰিব পাৰি:
max protocol = SMB2
অতিৰিক্তভাৱে, Samba ৰ এতিয়া AES Kerberos ইনক্ৰিপষণৰ বাবে সমৰ্থন আছে। AES সমৰ্থন Microsoft Windows অপাৰেটিং চিস্টেমত Windows Vista আৰু Windows Server 2008 ৰ পৰা উপলব্ধ আছে। ইয়াক Windows 7 ৰ পৰা নতুন অবিকল্পিত Kerberos ইনক্ৰিপষণ ধৰণ বুলি ধৰা হৈছে। Samba এতিয়া ই নিয়ন্ত্ৰণ কৰা কি'টেবলে AES Kerberos কি'সমূহ যোগ কৰে। ইয়াৰ অৰ্থ হল অন্য kerberized সেৱাসমূহ যি samba কি'টেব ব্যৱহাৰ কৰে আৰু একেটা মেচিনত চলে সিহতে AES ইনক্ৰিপষণৰ পৰা লাভবান হব পাৰিব। AES অধিবেশন কি'সমূহ ব্যৱহাৰ কৰিবলে (আৰু কেৱল AES ইনক্ৰিপ্টেড টিকেট প্ৰদান কৰা টিকেট নহয়), সক্ৰিয় ডাইৰেকটৰিৰ LDAP চাৰ্ভাৰত samba মেচিন একাওন্টক হস্তচালিতভাৱে পৰিবৰ্তন কৰিব লাগিব। অধিক তথ্যৰ বাবে, Microsoft Open Specifications Support Team Blog চাওক।

Warning

আপডেইট কৰা samba পেকেইজসমূহে লগতে ID মেপিং সংৰূপণ কৰাৰ পদ্ধতিও পৰিবৰ্তন কৰে। ব্যৱহাৰকাৰীসকলক তেওলোকৰ স্থায়ী Samba সংৰূপ ফাইলসমূহ পৰিবৰ্তন কৰিবলে উপদেশ দিয়া হৈছে।
মন কৰিব যে কেইবাটাও ট্ৰিভিয়েল ডাটাবেইচ (TDB) ফাইলসমূহক আপডেইট কৰা হৈছে আৰু প্ৰকৃত ৰেজিস্ট্ৰি প্ৰণয়ন ব্যৱহাৰ কৰিবলে প্ৰিন্টিং সমৰ্থন পুনৰ লিখা হৈছে। ইয়াৰ অৰ্থ এই যে সকলো TDB ফাইলসমূহক উন্নত কৰা হয় যেতিয়ায় আপুনি smbd ৰ নতুন সংস্কৰণ আৰম্ভ কৰে। আপুনি Samba 3.x সংস্কৰণৰ এটা পুৰনি সংস্কৰণলে ডাউনগ্ৰেইড কৰিব নোৱাৰিব যেতিয়ালৈকে আপোনাৰ TDB ফাইলসমূহৰ বেকআপ নাথাকে।
এই পৰিবৰ্তনসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, Samba 3.6.0 ৰ বাবে উন্মোচন টোকাসমূহ চাওক।

নতুন SciPy পেকেইজ

Red Hat Enterprise Linux 6.4 এ এটা নতুন scipy পেকেইজ অন্তৰ্ভুক্ত কৰে। SciPy পেকেইজে গণিত, বিজ্ঞান, আৰু অভিযান্ত্ৰিকীৰ বাবে চফ্টৱেৰ প্ৰদান কৰে। NumPy পেকেইজ, যাক যাদৃচ্ছিক ৰেকৰ্ডসমূহৰ ডাঙৰ বহু-মাত্ৰিক এৰে সালসলনি কৰিবলে ৰূপাঙ্কণ কৰা হৈছে, হল SciPy ৰ কেন্দ্ৰীয় লাইব্ৰেৰী। SciPy লাইব্ৰেৰীক NumPy এৰেসমূহৰ সৈতে কাৰ্য্য কৰিবলে নিৰ্মাণ কৰা হৈছে আৰু বিভিন্ন উপযোগী সাংখ্যিক ৰুটিন প্ৰদান কৰে, উদাহৰণস্বৰূপ সাংখ্যিক অন্তৰ্ভুক্তকৰণ আৰু অনুকলনৰ বাবে ৰুটিনসমূহ।

NSS ত TLS v1.1 সমৰ্থন

nss আৰু nss-util পেকেইজসমূহক আপস্ট্ৰিম সংস্কৰণ 3.14 লে উন্নত কৰা হৈছে, অন্য বৈশিষ্ট্যসমূহৰ মাজত, TLS সংস্কৰণ 1.1 ৰ বাবে সমৰ্থন প্ৰদান কৰিবলে। লগতে, nspr পেকেইজক সংস্কৰণ 4.9.2 লে পুনৰভিত্ত কৰা হৈছে। অধিক তথ্যৰ বাবে, NSS 3.14 উন্মোচন টোকাসমূহ চাওক।

অন্তৰ্ভুক্ত Valgrind gdbserver

valgrind পেকেইজক আপস্ট্ৰিম সংস্কৰণ 3.8.1 লে উন্নত কৰা হৈছে। এই উন্নত সংস্কৰণে অন্তৰ্ভুক্ত কৰে, অন্য সম্প্ৰসাৰণসমূহ আৰু বাগ সমাধানৰ মাজত, এটা অন্তৰ্ভুক্ত gdbserver। অধিক তথ্যৰ বাবে, Red Hat Developer Toolset 1.1 ব্যৱহাৰকাৰী সহায়কValgrind পাঠ আৰু Valgrind 3.8.1 ত পৰিবৰ্তন সূচী চাওক।

নতুন libjpeg-turbo পেকেইজসমূহ

Red Hat Enterprise Linux 6.4 এ পেকেইজসমূহৰ এটা নতুন সংহতি অন্তৰ্ভুক্ত কৰে: libjpeg-turbo। এই পেকেইজসমূহে পাৰম্পৰিক libjpeg পেকেইজসমূহ প্ৰতিস্থাপন কৰে, আৰু একেটা কাৰ্য্যকৰীতা আৰু API ক libjpeg হিচাপে প্ৰদান কৰে কিন্তু উন্নত পৰিৱেশনৰ সৈতে।

নতুন redhat-lsb-core পেকেইজ

redhat-lsb পেকেইজ ইনস্টল কৰোতে, LSB প্ৰামাণিকৰ সৈতে মিল খাবলে কেইবাটাও নিৰ্ভৰশীলতা চিস্টেমত পুল কৰা হয়। Red Hat Enterprise Linux 6.4 এ এটা নতুন redhat-lsb-core চাবপেকেইজ প্ৰদান কৰে যি আপোনাক redhat-lsb-core পেকেইজ ইনস্টল কৰি সহজতে প্ৰয়োজনীয় পেকেইজসমূহৰ নূন্যতম সংহতি প্ৰাপ্ত কৰাৰ অনুমতি দিয়ে।

createrepo সঁজুলি আপডেইট কৰা হৈছে

createrepo সঁজুলিক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে, যি --workers বিকল্পৰ সহায়ত গুৰুত্বপূৰ্ণভাৱে মেমৰিৰ ব্যৱহাৰ কম কৰে আৰু বহুকাৰ্য্য সমৰ্থন যোগ কৰে।

পুনৰীক্ষণৰ ইতিহাস

Revision History
Revision 1.2-0Thu Feb 21 2013মাৰ্টিন পৰপচ
Release of the Red Hat Enterprise Linux 6.4 Release Notes.