Product SiteDocumentation Site

Red Hat Enterprise Linux 5

5.9 উন্মোচন টোকাসমূহ

Red Hat Enterprise Linux 5.9 ৰ বাবে উন্মোচন টোকাসমূহ

সংস্কৰণ 9

আইনসন্মত ঘোষণা

Copyright © 2012 Red Hat, Inc.

The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.

Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.

Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.

Linux® is the registered trademark of Linus Torvalds in the United States and other countries.

Java® is a registered trademark of Oracle and/or its affiliates.

XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.

MySQL® is a registered trademark of MySQL AB in the United States, the European Union and other countries.

All other trademarks are the property of their respective owners.


1801 Varsity Drive
RaleighNC 27606-2072 USA
Phone: +1 919 754 3700
Phone: 888 733 4281
Fax: +1 919 754 3701

সাৰাংশ

Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ ঠিক কৰা এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 5.9 উন্মোচন টোকাসমূহে এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 5 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক এপ্লিকেচনসমূহলে কৰা মুখ্য পৰিবৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিবৰ্তনৰ বিৱৰীত টোকাসমূহ পাব কাৰিকৰী টোকাসমূহ ত।
পাতনি
1. হাৰ্ডৱেৰ সমৰ্থন
2. কাৰনেল
3. ডিভাইচ ড্ৰাইভাৰসমূহ
3.1. সংৰক্ষণ ড্ৰাইভাৰসমূহ
3.2. নেটৱাৰ্ক ড্ৰাইভাৰসমূহ
3.3. বিভিন্ন ড্ৰাইভাৰসমূহ
4. ফাইল চিস্টেম আৰু সংৰক্ষণ ব্যৱস্থাপনা
5. স্বাক্ষৰণ ব্যৱস্থাপনা
6. সুৰক্ষা আৰু প্ৰমাণীকৰণ
7. কমপাইলাৰ আৰু সঁজুলিসমুহ
8. থুপ খোৱা
9. ভাৰছুৱেলাইজেষণ
10. সাধাৰণ আপডেইটসমূহ
A. পুনৰীক্ষণৰ ইতিহাস

পাতনি

উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 5.9 ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ গাগৰি প্ৰদান কৰে। Red Hat Enterprise Linux ত 5.9 আপডেইটৰ কাৰণে হোৱা সকলো পৰিবৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ কাৰণে, চাওক কাৰিকৰী টোকাসমূহ

অধ্যায় 1. হাৰ্ডৱেৰ সমৰ্থন

mstflint ConnectX-3 ডিভাইচসমূহৰ বাবে সমৰ্থন
mstflint পেকেইজ, যি Mellanox ফাৰ্মৱেৰ বাৰ্ণিং আৰু নিৰ্ণয় সঁজুলিসমূহ প্ৰদান কৰে, এতিয়া Mellanox ConnectX-3 ডিভাইচসমূহৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰে।

smartmontools HP স্মাৰ্ট এৰে নিয়ন্ত্ৰকসমূহ আৰু MegaRAID ৰ বাবে সমৰ্থন
smartmontools পেকেইজ, যি SMART-সক্ষম হাৰ্ড ড্ৰাইভসমূহ পৰ্যবেক্ষণৰ বাবে সঁজুলিসমূহ প্ৰদান কৰে, তাক HP স্মাৰ্ট এৰে নিয়ন্ত্ৰকসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে উন্নত কৰা হৈছে। এই আপডেইটে লগতে MegaRAID সমৰ্থন যোগ কৰে।

ipmitool delloem কমান্ডসমূহ উন্নত
Dell-বিশেষ IPMI সম্প্ৰসাৰন, যি ipmitool সঁজুলিলে delloem চাবকমান্ড যোগ কৰে, তাক নিম্নলিখিত সম্প্ৰসাৰনসমূহ অন্তৰ্ভুক্ত কৰিবলে আপডেইট কৰা হৈছে:
  • এটা নতুন vFlash কমান্ড, যি ব্যৱহাৰকাৰীসমূহক প্ৰসাৰিত SD কাৰ্ডসমূহৰ বিষয়ে তথ্য প্ৰদৰ্শন কৰাৰ অনুমতি দিয়ে।
  • এটা নতুন setled কমান্ড, যি ব্যৱহাৰকাৰীসমূহক বেকপ্লেইন LED অৱস্থা প্ৰদৰ্শন কৰাৰ অনুমতি দিয়ে।
  • উন্নত ত্ৰুটি বিৱৰণসমূহ।
  • নতুন হাৰ্ডৱেৰৰ বাবে যোগ কৰা সমৰ্থন।
  • ipmitool হাতপুথি পৃষ্ঠাত ipmitool delloem কমান্ডসমূহৰ আপডেইটেড তথ্যচিত্ৰ।

NetApp LUNs ৰ বাবে আপডেইটেড সংৰূপ
NetApp LUN বিল্ট-ইন সংৰূপে এতিয়া অবিকল্পিতভাৱে tur পথ নীৰিক্ষক ব্যৱহাৰ কৰে। লগতে নিম্নলিখিত হাৰ্ডৱেৰ টেবুল প্ৰাচলসমূহ আপডেইট কৰা হৈছে:
  • flush_on_last_del সামৰ্থবান কৰা হৈছে।
  • dev_loss_tmo600 লে সংহতি কৰা হৈছে।
  • fast_io_fail_tmo5 লে সংহতি কৰা হৈছে।
  • আৰু pg_init_retries50 লে সংহতি কৰা হৈছে।

অধ্যায় 2. কাৰনেল

চিস্টেম কল ট্ৰেইচপইন্টসমূহ
চিস্টেম কল ঘটনাসমূহৰ বাবে নিম্নলিখিত ট্ৰেইচপইন্টসমূহ যোগ কৰা হৈছে:
  • sys_enter
  • sys_exit

চিস্টেম কল enter আৰু exit ট্ৰেইচপইন্টসমূহ কেৱল HAVE_SYSCALL_TRACEPOINTS সংৰূপ বিকল্প সামৰ্থবান থকা স্থাপত্যসমূহত সমৰ্থিত।

IPv6 UDP হাৰ্ডৱেৰ চেকচাম
Red Hat Enterprise Linux 5.9 এ IPv6 ত চলি থকা UDP ৰ বাবে হাৰ্ডৱেৰ চেকচাম সমৰ্থন যোগ কৰে।

প্ৰতি-প্ৰক্ৰিয়া সম্পদ সীমাসমূহ
/proc/<PID>/limits ফাইল (এই ফাইল এতিয়া লিখিব পৰা) ৰ সহায়ত এটা চলি থকা প্ৰক্ৰিয়াৰ সীমাসমূহ ব্যৱহাৰকাৰীসমূহ দ্বাৰা ডাইনামিকভাৱে পৰিবৰ্তন কৰাৰ অনুমতি দিবলে prlimit64() চিস্টেম কল যোগ কৰা হৈছে।

pktgen লে VLAN সমৰ্থন যোগ কৰা হৈছে
pktgen মডিউললে VLAN সমৰ্থন যোগ কৰা হৈছে। pktgen মডিউল এতিয়া 802.1Q টেগ্গড ফ্ৰেইমসমূহ উৎপাদন কৰিবলে সক্ষম।

/proc/<PID>/ লে অভিগম প্ৰতিৰোধ কৰা হৈছে
/proc/<PID>/ ডাইৰেকটৰিসমূহলে অভিগম প্ৰতিৰোধ কৰিবলে procfs লে hidepid= আৰু gid= মাউন্ট বিকল্পসমূহ যোগ কৰা হৈছে।

DSCP ক্ষেত্ৰ ব্যৱস্থাপনা
Red Hat Enterprise Linux 5.9 ত, netfilter মডিউলে এতিয়া DSC ক্ষেত্ৰ নষ্ট কৰাটো সমৰ্থন কৰে।

অধ্যায় 3. ডিভাইচ ড্ৰাইভাৰসমূহ

3.1. সংৰক্ষণ ড্ৰাইভাৰসমূহ

  • mptfusion ড্ৰাইভাৰক সংস্কৰণ 3.04.20 লে আপডেইট কৰা হৈছে, যি নিম্নলিখিত ডিভাইচ ID যোগ কৰে: SAS1068_820XELP
  • QLogic ফাইবাৰ-চেনেল HBAs ৰ বাবে qla2xxx ড্ৰাইভাৰক সংস্কৰণ 8.04.00.05.05.09-k লে আপডেইট কৰা হৈছে।
  • qla4xxx ড্ৰাইভাৰক সংস্কৰণ 5.02.04.05.05.09-d0 লে আপডেইট কৰা হৈছে।
  • Emulex ফাইবাৰ-চেনেল হস্ট বাচ এডাপ্টাৰসমূহৰ বাবে lpfc ড্ৰাইভাৰক সংস্কৰণ 8.2.0.128.3p লে আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine 2 Open iSCSI ডিভাইচসমূহৰ বাবে be2iscsi ড্ৰাইভাৰক সংস্কৰণ 4.2.162.0r লে আপডেইট কৰা হৈছে।
  • Broadcom NetXtreme II iSCSI ৰ বাবে bnx2i ড্ৰাইভাৰক সংস্কৰণ 2.7.2.2 লে আপডেইট কৰা হৈছে।
  • Brocade BFA FC SCSI ড্ৰাইভাৰক (bfa ড্ৰাইভাৰ) আৰু এটা প্ৰযুক্তি পুৰ্বদৰ্শন হিচাপে ধৰা নহয়। Red Hat Enterprise Linux 5.9 ত, BFA ড্ৰাইভাৰ সম্পূৰ্ণভাৱে সমৰ্থিত। অতিৰিক্তভাৱে, Brocade bfa FC SCSI ড্ৰাইভাৰক সংস্কৰণ 3.0.23.0 লে আপডেইট কৰা হৈছে, যি অন্যসমূহৰ মাজত, অন্তৰ্ভুক্ত কৰে, নিম্নলিখিত সম্প্ৰসাৰনসমূহ:
    • এটা ফাইবাৰ-চেনেল হস্টৰ পৰা এটা লুপ আৰম্ভ প্ৰটোকল (LIP) প্ৰেৰণ কৰাৰ বাবে সমৰ্থন।
    • প্ৰসাৰিত সংযোগ সেৱাসমূহ (ELS) আৰু সাধাৰণ পৰিবহন (CT) ফাইবাৰ-চেনেল পাছথ্ৰু কমান্ডসমূহ।
    • সংযোজিত IOCTL আন্তঃপৃষ্ঠ।
  • bfa ফাৰ্মৱেৰক সংস্কৰণ 3.0.23.0 লে আপডেইট কৰা হৈছে।
  • mpt2sas ড্ৰাইভাৰক সংস্কৰণ 13.101.00.00 লে আপডেইট কৰা হৈছে, যি NUMA I/O সমৰ্থন, দ্ৰুত ল'ড সমৰ্থন, গ্ৰাহক বিশেষ ব্ৰেণ্ডিংৰ বাবে সমৰ্থন যোগ কৰে।
  • megaraid_sas ড্ৰাইভাৰক সংস্কৰণ 00.00.06.15-rh লে আপডেইট কৰা হৈছে, যি Dell PowerEdge RAID নিয়ন্ত্ৰক (PERC) 9, LSI MegaRAID SAS 9360/9380 12GB/s নিয়ন্ত্ৰকসমূহ, আৰু কেইবাটাও MSI-X কাৰক আৰু কেইবাটও উত্তৰ শাৰীৰ বাবে সমৰ্থন যোগ কৰে।
  • Broadcom NetXtreme II BCM5706/5708/5709 series PCI/PCI-X Gigabit ইথাৰনেট নেটৱাৰ্ক আন্তঃপৃষ্ঠ কাৰ্ড (NIC) আৰু Broadcom NetXtreme II BCM57710/57711/57712/57800/57810/57840 series PCI-E 10 Gigabit ইথাৰনেট নেটৱাৰ্ক আন্তঃপৃষ্ঠ কাৰ্ডৰ বাবে iscsiuio ড্ৰাইভাৰক সংস্কৰণ 0.7.4.3 লে আপডেইট কৰা হৈছে, যি অন্য উন্নয়নসমূহৰ মাজত, অন্তৰ্ভুক্ত কৰে, VLAN আৰু ৰুটিং সমৰ্থন।

3.2. নেটৱাৰ্ক ড্ৰাইভাৰসমূহ

  • ib_qib ডিভাইচ ড্ৰাইভাৰৰ বাবে সমৰ্থন Red Hat Enterprise Linux 5.9 ৰ কাৰনেলত যোগ কৰা হৈছে। ib_qib ড্ৰাইভাৰ হল QLogic's ib_ipath InfiniBand হস্ট চেনেল এডাপ্টাৰ (HCA) ডিভাইচ ড্ৰাইভাৰৰ এটা আপডেইটেড সংস্কৰণ আৰু (এটা প্ৰতিস্থাপন) আৰু SDR, DDR, আৰু QDR ইনফিবেণ্ড এডাপ্টাৰসমূহৰ শেহতীয়া PCI Express QLE-series ৰ বাবে ই সমৰ্থন প্ৰদান কৰে।
  • Solarflare ড্ৰাইভাৰ (sfc) ক সংস্কৰণ 3.1 লে আপডেইট কৰা হৈছে, যি SFE4003 বৰ্ড আৰু TXC43128 PHY ৰ বাবে সমৰ্থন যোগ কৰে।
  • Broadcom 57710/57711/57712 চিপসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে bnx2x ফাৰ্মৱেৰক সংস্কৰণ 7.2.51 লে আপডেইট কৰা হৈছে।
  • Broadcom 578xx family চিপসমূহৰ বাবে সমৰ্থন, iSCSI অফল'ডৰ বাবে সমৰ্থন, অতিৰিক্ত PHYs (EEE ৰ লগতে) ৰ বাবে সমৰ্থন, OEM-বিশেষ বৈশিষ্ট্যসমূহ, আৰু কিছুমান বাগ প্ৰতিবেদনৰ সমৰ্থন অন্তৰ্ভুক্ত কৰিবলে bnx2x ড্ৰাইভাৰক সংস্কৰণ 1.72.51-0+ লে আপডেইট কৰা হৈছে।
  • bnx2 ড্ৰাইভাৰক সংস্কৰণ 2.2.1+ লে আপডেইট কৰা হৈছে,
  • FCoE পাৰিটি ত্ৰুটি উদ্ধাৰ, পৰিসংখ্যা সমৰ্থন, আৰু FCoE ক্ষমতাসমূহ প্ৰকাশ যোগ কৰিবলে cnic ড্ৰাইভাৰ আৰু ফাৰ্মৱেৰক আপডেইট কৰা হৈছে।
  • নেটৱাৰ্ক ডিভাইচসমূহৰ Chelsio T3 family ৰ বাবে cxgb3 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • Chelsio Terminator4 10G একত্ৰিত তাঁৰযুক্ত নেটৱাৰ্ক নিয়ন্ত্ৰকসমূহৰ বাবে cxgb4 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে, যি Chelsio T480-CR আৰু T440-LP-CR এডাপ্টাৰসমূহৰ বাবে সমৰ্থন যোগ কৰে।
  • cxgb4 ফাৰ্মৱেৰক আপস্ট্ৰিম সংস্কৰণ 1.4.23.0 লে আপডেইট কৰা হৈছে।
  • iw_cxgb3 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • iw_cxgb4 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।
  • cxgb4i, cxgb3i, আৰু libcxgbi ড্ৰাইভাৰসমূহক আপডেইট কৰা হৈছে।
  • netxen_nic ড্ৰাইভাৰক সংস্কৰণ 4.0.79 লে আপডেইট কৰা হৈছে, যি Minidump সমৰ্থন অন্তৰ্ভুক্ত কৰে।
  • Broadcom Tigon3 ইথাৰনেট ডিভাইচসমূহৰ বাবে tg3 ড্ৰাইভাৰক সংস্কৰণ 3.123 লে আপডেইট কৰা হৈছে।
  • Intel 10 Gigabit PCI Express নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে ixgbe ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে, যি নিম্নলিখিত উন্নয়নসমূহ যোগ কৰিছে:
    • Intel Ethernet 82599 10 Gigabit ইথাৰনেট নিয়ন্ত্ৰকৰ বাবে সমৰ্থন।
    • Intel Ethernet 82599 10 Gigabit ইথাৰনেট নিয়ন্ত্ৰকৰ ওপৰত ভিত্তিয় Quad Port 10 Gigabit ইথাৰনেট এডাপ্টাৰৰ বাবে সমৰ্থন।
    • পৰিক্ষা নকৰা আৰু অসুৰক্ষিত উন্নত ফৰ্ম-ফেক্টৰ প্লাগেবুল (SFP+) মডিউলসমূহৰ অনুমতি দিবলে সংযোজিত মডিউল প্ৰাচল (allow_unsupported_sfp)।
  • শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন, উন্নয়নসমূহ, আৰু বাগ ঠিক কৰা সমূহ অন্তৰ্ভুক্ত কৰিবলে ixgbevf ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে। অতিৰিক্তভাৱে, ১০০MB সংযোগ গতি চিনাক্ত কৰিবলে সমৰ্থন যোগ কৰা হৈছে।
  • igbvf ড্ৰাইভাৰক আপস্ট্ৰিম সংস্কৰণ 2.0.1-k-1 লে আপডেইট কৰা হৈছে।
  • Intel Gigabit ইথাৰনেট এডাপ্টাৰসমূহৰ বাবে igb ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে, যি Intel ইথাৰনেট নেটৱাৰ্ক সংযোগ I210 আৰু Intel ইথাৰনেট নেটৱাৰ্ক সংযোগ I211 ৰ বাবে সমৰ্থন যোগ কৰে।
  • নিয়ন্ত্ৰকসমূহৰ Intel 82563/6/7, 82571/2/3/4/7/8/9, আৰু 82583 PCI-E family ৰ বাবে e1000e ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে, যি Intel ইথাৰনেট নেটৱাৰ্ক সংযোগ I217-LM ৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰে।
  • bna ড্ৰাইভাৰক আৰু এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে ধৰা নহয়। Red Hat Enterprise Linux 5.9 ত, BNA ড্ৰাইভাৰ সম্পূৰ্ণভাৱে সমৰ্থিত। অতিৰিক্তভাৱে, BNA ড্ৰাইভাৰ আৰু ফাৰ্মৱেৰক সংস্কৰণ 3.0.23.0 লে আপডেইট কৰা হৈছে।
  • qlge ড্ৰাইভাৰক সংস্কৰণ 1.00.00.30 লে আপডেইট কৰা হৈছে।
  • HP NC-Series QLogic 10 Gigabit চাৰ্ভাৰ এডাপ্টাৰসমূহৰ বাবে qlcnic ড্ৰাইভাৰক সংস্কৰণ 5.0.29 লে আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine2 10Gbps নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে be2net ড্ৰাইভাৰক সংস্কৰণ 4.2.116r লে আপডেইট কৰা হৈছে।
  • Cisco 10G ইথাৰনেট ডিভাইচসমূহৰ বাবে enic ড্ৰাইভাৰক সংস্কৰণ 2.1.1.35+ লে আপডেইট কৰা হৈছে।

3.3. বিভিন্ন ড্ৰাইভাৰসমূহ

  • mlx4 ib আৰু net ড্ৰাইভাৰসমূহক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে। অতিৰিক্তভাৱে, mlx4 ড্ৰাইভাৰলে EEH ত্ৰুটি উদ্ধাৰৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
  • mlx4_en ড্ৰাইভাৰক সংস্কৰণ 1.5.3 লে আপডেইট কৰা হৈছে।
  • mlx4_core ড্ৰাইভাৰক সংস্কৰণ 1.0-ofed1.5.4 লে আপডেইট কৰা হৈছে।
  • নতুন চিপচেটসমূহ আৰু HDA অডিঅ' কডেকসমূহৰ বাবে সমৰ্থন সামৰ্থবান কৰিবলে অথবা উন্নত কৰিবলে ALSA HDA অডিঅ' ড্ৰাইভাৰক আপডেইট কৰা হৈছে।
  • IPMI ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে।

অধ্যায় 4. ফাইল চিস্টেম আৰু সংৰক্ষণ ব্যৱস্থাপনা

dmraid ৰ বাবে FIPS অৱস্থা সমৰ্থন
Red Hat Enterprise Linux 5.9 এ dmraid ৰুট ডিভাইচসমূহৰ সৈতে FIPS অৱস্থা ব্যৱহাৰ কৰাৰ সমৰ্থন যোগ কৰিছে। এটা dmraid ডিভাইচ এতিয়া FIPS চেকচাম নীৰিক্ষণ কৰাৰ আগত সক্ৰিয় কৰা হয়।

অধ্যায় 5. স্বাক্ষৰণ ব্যৱস্থাপনা

RHN কালজয়ীৰ পৰা স্বাক্ষৰণ সম্পদ ব্যৱস্থাপকলে প্ৰব্ৰজন
Red Hat Enterprise Linux 5.9 ত, ব্যৱহাৰকাৰীসমূহ RHN কালজয়ীৰ পৰা Red Hat স্বাক্ষৰণ সম্পদ ব্যৱস্থাপক (SAM) লে প্ৰব্ৰজন কৰিবলে সক্ষম। SAM এ ক্লাএন্ট মেচিনসমূহত স্বাক্ষৰণ তথ্য আৰু চফ্টৱেৰ আপডেইটসমূহ ব্যৱস্থাপনা কৰিবলে এটা প্ৰক্সি হিচাপে কাৰ্য্য কৰে। প্ৰব্ৰজন প্ৰক্ৰিয়াৰ বিষয়ে অধিক তথ্যৰ বাবে, স্বাক্ষৰণ ব্যৱস্থাপনা সহায়ক চাওক।

বহিৰ্তম চাৰ্ভাৰসমূহৰ বাবে ৰেজিস্টাৰ কৰা
স্বাক্ষৰণ ব্যৱস্থাপকত এটা চিস্টেম ৰেজিস্টাৰ কৰোতে এটা দূৰৱৰ্তী চাৰ্ভাৰ নিৰ্বাচনৰ বাবে সমৰ্থন এতিয়া সমৰ্থিত। ৰেজিস্ট্ৰেষণ প্ৰক্ৰিয়াৰ সময়ত, এটা পোৰ্ট আৰু এটা উপসৰ্গৰ সৈতে, স্বাক্ষৰণ ব্যৱস্থাপক ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠয় ৰেজিস্টাৰ কৰিবলে এটা চাৰ্ভাৰৰ URL নিৰ্বাচন কৰাৰ বিকল্প প্ৰদান কৰে। অতিৰিক্তভাৱে, কমান্ড লাইনত ৰেজিস্টাৰ কৰোতে, --serverurl ক ৰেজিস্টাৰ কৰিব লগিয়া চাৰ্ভাৰ ধাৰ্য্য কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই বৈশিষ্ট্যৰ বিষয়ে অধিক জানিবলে, স্বাক্ষৰণ ব্যৱস্থাপক সহায়ক চাওক।

Firstboot চিস্টেম ৰেজিস্ট্ৰেষণ
Red Hat Enterprise Linux 5.9 ত, firstboot চিস্টেম ৰেজিস্ট্ৰেষণৰ সময়ত, Red Hat স্বাক্ষৰণ ব্যৱস্থাপনালে ৰেজিস্টাৰ কৰাটো এতিয়া অবিকল্পিত বিকল্প।

স্বাক্ষৰণ ব্যৱস্থাপক gpgcheck আচৰণ
স্বাক্ষৰণ ব্যৱস্থাপকে এতিয়া ই ব্যৱস্থাপনা কৰা যিকোনো ভঁৰাল যাৰ এটা ৰিক্ত gpgkey আছে তাৰ বাবে gpgcheck অসামৰ্থবান কৰে। ভঁৰাল পুনৰ সামৰ্থবান কৰিবলে, GPG কি'সমূহ আপল'ড কৰক, আৰু সুনিশ্চিত কৰক যে এটা সঠিক URL আপোনাৰ স্বনিৰ্বাচিত সমল বিৱৰণলে যোগ কৰা হৈছে।

চাৰ্ভাৰ-ফাল মচি পেলোৱা কাৰ্য্য
চিস্টেম আলেখ্যসমূহ এতিয়া গ্ৰাহক পোৰ্টেলৰ পৰা মচি পেলোৱাৰ পিছত আনৰেজিস্টাৰ কৰা হয় যাতে সিহত আৰু প্ৰমাণপত্ৰ-ভিত্তিয় RHN ৰ সৈতে চেক ইন কৰিব নোৱাৰে।

পছন্দৰ সেৱা স্তৰসমূহ
স্বাক্ষৰণ ব্যৱস্থাপকে এতিয়া ব্যৱহাৰকাৰীসমূহক এতিয়া এটা মেচিনক এটা পছন্দৰ Service Level ৰ সৈতে সংযুক্ত কৰাৰ অনুমতি দিয়ে যি স্ব-স্বাক্ষৰণ আৰু শুদ্ধ কৰাৰ যুক্তিৰ ওপৰত প্ৰভাৱ পেলায়। সেৱা স্তৰসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, স্বাক্ষৰণ ব্যৱস্থাপক সহায়ক চাওক।

আপডেইটসমূহক এটা বিশেষ গৌণ উন্মোচনলে সীমিত কৰা
স্বাক্ষৰণ ব্যৱস্থাপকে এতিয়া এজন ব্যৱহাৰকাৰীক এটা বিশেষ উন্মোচন নিৰ্বাচন কৰাৰ অনুমতি দিয়ে (উদাহৰণস্বৰূপ, Red Hat Enterprise Linux 5.8), যি এটা মেচিনক সেই উন্মোচনলে লক কৰিব। এই আপডেইটৰ আগত, যেতিয়া নতুন পেকেইজসমূহ পৰৱৰ্তী গৌণ উন্মোচনৰ অংশ হিচাপে উপলব্ধ আছিল, তেতিয়া পেকেইজ আপডেইটসমূহ সীমিত কৰাৰ কোনো উপায় নাছিল (উদাহৰণস্বৰূপ, Red Hat Enterprise Linux 5.9)।

GUI ত ব্যৱহাৰৰ পৰিবৰ্তনসমূহ
গ্ৰাহকৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি স্বাক্ষৰণ ব্যৱস্থাপক গ্ৰাফিকেল ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠক বহতো পৰিবৰ্তনৰ সৈতে উন্নত কৰা হৈছে।

অধ্যায় 6. সুৰক্ষা আৰু প্ৰমাণীকৰণ

pam_cracklib ৰ বাবে অতিৰিক্ত পাছৱাৰ্ড নীৰিক্ষণসমূহ
Red Hat Enterprise Linux 5.9 এ pam_cracklib মডিউললে maxclassrepeat আৰু gecoscheck বিকল্পসমূহলে বেকপোৰ্টেড সমৰ্থন যোগ কৰে। এই বিকল্পসমূহ এজন ব্যৱহাৰকাৰী দ্বাৰা সুমুৱা এটা নতুন পাছৱাৰ্ডৰ বৈশিষ্টসমূহ নীৰিক্ষণ কৰিবলে ব্যৱহাৰ কৰা হয় আৰু নাকচ কৰিবলে ব্যৱহাৰ কৰা হয় যদি ই ধাৰ্য্য কৰা সীমাসমূহৰ সৈতে মিল নাখায়। maxclassrepeat বিকল্পয় একেটা আখৰ ক্লাচ (তল ফলা, ওপৰ ফলা, ডিজিটসমূহ, আৰু অন্য আখৰসমূহ) ৰ ক্ৰমাগত আখৰসমূহৰ সৰ্বাধিক সংখ্যা সীমিত কৰে। gecoscheck বিকল্পয় নীৰিক্ষণ কৰে নতুনকৈ সুমুৱা পাছৱাৰ্ডে ব্যৱহাৰকাৰী যিজনে পাছৱাৰ্ড সুমুৱাই আছে তেওৰ /etc/passwd প্ৰবিষ্টিৰ GECOS ক্ষেত্ৰ পৰা শব্দসমূহ (স্পেইচ-পৃথকিত স্ট্ৰিংসমূহ) অন্তৰভুক্ত কৰে নে। অধিক তথ্যৰ বাবে, pam_cracklib(8) man পৃষ্ঠা চাওক।

M2Crypto ৰ বাবে IPv6 সমৰ্থন
m2crypto পেকেইজ, যি এটা লাইব্ৰেৰী প্ৰদান কৰে যি প্ৰগ্ৰামসমূহক Python স্ক্ৰিপ্টসমূহৰ পৰা OpenSSL ফলনসমূহ কল কৰাৰ অনুমতি দিয়ে, তাক আপডেইট কৰা হৈছে HTTPS প্ৰণয়ন পৰিবৰ্তন কৰিবলে যাতে ই IPv4 আৰু IPv6 দুয়োৰে সৈতে কাৰ্য্য কৰিব পাৰে। অতিৰিক্তভাৱে, M2Crypto.SSL.Connection ক এতিয়া IPv6 চকেটসমূহ সৃষ্টি কৰিবলে নিৰ্দেশ দিব পাৰি।

sudoers প্ৰবিষ্টিসমূহৰ লুক আপসমূহত মিলসমূহ কতৃপক্ষিয়ভাৱে ব্যৱহাৰ কৰা
sudo সঁজুলি sudoers প্ৰবিষ্টিসমূহৰ বাবে /etc/nsswitch.conf ফাইলক যোগাযোগ কৰিবলে আৰু সিহতক ফাইলসমূহ আৰু LDAP ত বিচাৰিবলে সক্ষম, যেতিয়া sudoers প্ৰবিষ্টিসমূহৰ প্ৰথম ডাটবেইচত এটা মিল পোৱা গৈছিল, সন্ধান কৰা কাৰ্য্য অন্য ডাটাবেইচসমূহ (ফাইলসমূহৰ সৈতে) ত অব্যাহত আছিল। Red Hat Enterprise Linux 5.9 ত, /etc/nsswitch.conf ফাইলত এটা বিকল্প যোগ কৰা হৈছিল যি ব্যৱহাৰকাৰীসমূহক এটা ডাটবেইচ ধাৰ্য্য কৰাৰ অনুমতি দিয়ে যাৰ পিছত এটা sudoers প্ৰবিষ্টিৰ মিল পৰ্যাপ্ত। ই অন্য কোনো ডাটাবেইচক প্ৰশ্ন কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে; যাৰ ফলস্বৰূপ ডাঙৰ পৰিৱেশত sudoers প্ৰবিষ্টি সন্ধান কাৰ্য্যৰ পৰিৱেশন উন্নত হয়। এই আচৰণ অবিকল্পিতভাৱে সামৰ্থবান নাথাকে আৰু এটা নিৰ্বাচিত ডাটবেইচৰ পিছত [SUCCESS=return] স্ট্ৰিং যোগ কৰি সংৰূপণ কৰিব লাগিব। যেতিয়া ডাটবেইচত এটা মিল পোৱা যায় যি এই স্ট্ৰিংৰ আগত আহে, অন্য কোনো ডাটাবেইচ প্ৰশ্ন কৰা নহয়।

অধ্যায় 7. কমপাইলাৰ আৰু সঁজুলিসমুহ

SystemTap
SystemTap এটা অনুসৰন আৰু প্ৰৱেশক সঁজুলি যোনে ব্যৱহাৰকাৰীক অপাৰেটিং চিস্টেমৰ কাৰ্য্যসমূহ (প্ৰধানকৈ, কাৰনেল) ভাল বিৱৰণত অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাৰ অনুমতি দিয়ে। ই netstat, ps, top, আৰু iostat -ৰ নিচিনা আউটপুট সঁজুলিসমূহৰ সদৃশ তথ্য যোগান দিয়ে; যি কি নহওক SystemTap সংগ্ৰহীত তথ্যৰ বাবে অধিক চাকনী আৰু বিশ্লেষণ বিকল্পসমূহ যোগান দিয়াৰ কাৰণে ৰূপাঙ্কীত।

Red Hat Enterprise Linux 5.9 ত SystemTap ক সংস্কৰণ 1.8 লে আপডেইট কৰা হৈছে, নিম্নলিখিত বৈশিষ্ট্যসমূহ আৰু সম্প্ৰসাৰন প্ৰদান কৰাকৈ:
  • SystemTap চলনসময় (staprun) এ এতিয়া স্ক্ৰিপ্টসমূহৰ পৰা কম-থ্ৰপুট আউটপুৰ বাবে পল কৰিবলে কম সঘন ৱেইক-আপসমূহৰ অনুমতি দিবলে এটা -T সময়অন্ত বিকল্প গ্ৰহণ কৰে।
  • যেতিয়া SystemTap দ্বাৰা আৱাহন কৰা হয়, kbuild $PATH পৰিৱেশ শুদ্ধ হয়।
  • printf বিন্যাসমূহ এতিযা নন-প্ৰিন্টিং আখৰসমূহ এক্সেইপ কৰিবলে %#c নিয়ন্ত্ৰণ প্ৰাচল ব্যৱহাৰ কৰিবলে সক্ষম।
  • প্ৰিটি-প্ৰিন্টেড বিট ফিল্ডসমূহে এতিয়া পূৰ্ণ সংখ্যাসমূহ ব্যৱহাৰ কৰে; আখৰসমূহে এতিয়া প্ৰিন্ট কৰাৰ বাবে এক্সেইপ্ড ফৰমেটিং ব্যৱহাৰ কৰে।
  • SystemTap কমপাইল-চাৰ্ভাৰ আৰু ক্লাএন্টে এতিয়া IPV6 নেটৱাৰ্কসমূহ সমৰ্থন কৰে।
  • SystemTap মডিউলসমূহ এতিয়া আৰু সৰু আৰু সোনকালে কমপাইল কৰে। মডিউলসমূহ debuginfo এতিয়া অবিকল্পিতভাৱে দবাই ৰখা হয়।
  • @var বাক্যবিন্যাস এতিয়া uprobe আৰু kprobe হেণ্ডলাৰসমূহ (প্ৰক্ৰিয়া, কাৰনেল, মডিউল) ত DWARF চলকসমূহ অভিগম কৰিবলে বিকল্প ভাষা বাক্যবিন্যাস।
  • SystemTap স্ক্ৰিপ্ট অনুবাদক ড্ৰাইভাৰ (stap) এ এতিয়া নিম্নলিখিত সম্পদ সীমা বিকল্পসমূহ প্ৰদান কৰে:
    --rlimit-as=NUM
    --rlimit-cpu=NUM
    --rlimit-nproc=NUM
    --rlimit-stack=NUM
    --rlimit-fsize=NUM
    
  • SystemTap কমপাইল-চাৰ্ভাৰে এতিয়া কেইবাটাও সমসাময়িক সংযোগ সমৰ্থন কৰে।
  • নিম্নলিখিত লক্ষ্য ফলন 1.8 উন্মোচনত স্খলিত আৰু 1.9 উন্মোচনত আতৰোৱা হব:
    daddr_to_string()
    
  • SystemTap এ এতিয়া টেপচেটসমূহ দ্বাৰা অন্তৰ্ভুক্ত কৰা C হেডাৰসমূহৰ সৈতে খুন্দা প্ৰতিৰোধ কৰিবলে স্থানীয় চলকসমূহ নষ্ট কৰে।
  • অন্তৰ্ভুক্ত-C ফলনসমূহত, THIS->* স্বৰলিপিৰ পৰিবৰ্তে নতুনকে-বিৱৰণ দিয়া মেক্ৰ STAP_ARG_* এতিয়া ব্যৱহাৰ কৰিব লাগিব।

অধ্যায় 8. থুপ খোৱা

IBM iPDU ফেন্স ডিভাইচৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 5.9 এ IBM iPDU ফেন্স ডিভাইচৰ বাবে সমৰ্থন যোগ কৰিছে। এই ফেন্স ডিভাইচৰ প্ৰাচলৰসমূহৰ অধিক তথ্যৰ বাবে, থুপ খোৱা প্ৰশাসন সহায়ক চাওক।

DLM হেশ টেবুল আকাৰ টিউনিং
বিতৰিত লক ব্যৱস্থাপক (DLM) এ এতিয়া /etc/sysconfig/cman ফাইলৰ পৰা DLM হেশ টেবুল আকাৰসমূহ টিউনিংৰ অনুমতি দিয়ে। /etc/sysconfig/cman ফাইলত নিম্নলিখিত প্ৰাচলসমূহ সংহতি কৰিব পাৰি:
DLM_LKBTBL_SIZE=<size_of_table>
DLM_RSBTBL_SIZE=<size_of_table>
DLM_DIRTBL_SIZE=<size_of_table>

যি, পিছত, নিম্নলিখিত ফাইলসমূহত মানসমূহ পৰিবৰ্তন কৰে:
/sys/kernel/config/dlm/cluster/lkbtbl_size
/sys/kernel/config/dlm/cluster/rsbtbl_size
/sys/kernel/config/dlm/cluster/dirtbl_size

অধ্যায় 9. ভাৰছুৱেলাইজেষণ

Microsoft Hyper-V ড্ৰাইভাৰসমূহৰ অন্তৰ্ভুক্তকৰণ, আৰু অতিথি ইনস্টলেষণৰ সমৰ্থন
Microsoft Hyper-V ত Red Hat Enterprise Linux 5.9 ৰ অনুকলিত Red Hat Enterprise Linux অতিথি ইনস্টলেষণ, আৰু Hyper-V পৰা-ভাৰছুৱেলাইজ্ড ডিভাইচ সমৰ্থনে ব্যৱহাৰকাৰীসমূহক Microsoft Hyper-V হাইপাৰভাইছাৰত Red Hat Enterprise Linux 5.9 ক এটা অতিথি হিচাপে চলোৱাৰ অনুমতি দিয়ে। Red Hat Enterprise Linux 5.9 ৰ কাৰনেলৰ সৈতে নিম্নলিখিত Hyper-V ড্ৰাইভাৰসমূহ আৰু ঘড়ী উৎস যোগ কৰা হৈছে:
  • এটা নেটৱাৰ্ক ড্ৰাইভাৰ (hv_netvsc)
  • এটা সংৰক্ষণ ড্ৰাইভাৰ (hv_storvsc)
  • এটা HID-সংগত মাউছ ড্ৰাইভাৰ (hid_hyperv)
  • এটা VMbus ড্ৰাইভাৰ (hv_vmbus)
  • এটা util ড্ৰাইভাৰ (hv_util)
  • এটা ঘড়ী উৎস (i386: hyperv_clocksource, AMD64/Intel 64: HYPER-V timer)

Red Hat Enterprise Linux 5.9 এ লগতে এটা Hyper-V Key-Value যোৰ (KVP) ডিমন (hypervkvpd) অন্তৰ্ভুক্ত কৰে যি মৌলিক তথ্য, যেনে অতিথি IP, FQDN, OS নাম, আৰু OS উন্মোচন সংখ্যা, VMbus ৰ সহায়ত হস্টলে প্ৰেৰণ কৰে।

অধ্যায় 10. সাধাৰণ আপডেইটসমূহ

উন্নত samba3x পেকেইজসমূহ
Red Hat Enterprise Linux 5.9 এ পুনৰভিত্ত samba3x পেকেইজসমূহ অন্তৰ্ভুক্ত কৰে যি কেইবাটাও বাগ ঠিক কৰা আৰু সম্প্ৰসাৰন যোগ কৰে, তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হল SMB2 প্ৰটোকলৰ বাবে যোগ কৰা সমৰ্থন। SMB2 সমৰ্থনক /etc/samba/smb.conf ফাইলৰ [global] অংশত নিম্নলিখিত প্ৰাচলৰ সৈতে সামৰ্থবান কৰিব পাৰি:
max protocol = SMB2

সকিয়নি

উন্নত samba3x পেকেইজসমূহে লগতে ID মেপিং সংৰূপণ কৰাৰ পদ্ধতি পৰিবৰ্তন কৰে। ব্যৱহাৰকাৰীসমূহক তেঁওলোকৰ স্থায়ী Samba সংৰূপ ফাইলসমূহ পৰিবৰ্তন কৰাৰ উপদেশ দিয়া হৈছে। অধিক তথ্যৰ বাবে, Samba 3.6.0 ৰ বাবে উন্মোচন টোকাসমূহ চাওক।

OpenJDK 7
Red Hat Enterprise Linux 5.9 এ OpenJDK 6 ৰ বিকল্প হিচাপে OpenJDK 7 ৰ বাবে সম্পূৰ্ণ সমৰ্থন অন্তৰ্ভুক্ত কৰে। java-1.7.0-openjdk পেকেইজসমূহে OpenJDK 7 Java চলনসময় পৰিৱেশ আৰু OpenJDK 7 Java চফ্টৱেৰ উন্নয়ন কিট প্ৰদান কৰে। OpenJDK 7 এ JVM ত চলিব পৰা ডাইনামিকভাৱে-টাইপ কৰা ভাষাসমূহ সমৰ্থন কৰিবলে সম্প্ৰসাৰনসমূহ, ক্লাচ ল'ডাৰ সম্প্ৰসাৰনসমূহ, ইউনিক'ড 6.0 ৰ বাবে সমৰ্থন, আৰু আপডেইটেড I/O আৰু নেটৱাৰ্কিং APIs অন্তৰ্ভুক্ত কৰে। OpenJDK 7 লগতে Red Hat Enterprise Linux 6 ত উপলব্ধ।

নতুন Java 7 পেকেইজসমূহ
java-1.7.0-ibm আৰু java-1.7.0-oracle পেকেইজসমূহ এতিয়া Red Hat Enterprise Linux 5.9 ত উপলব্ধ।

নতুন libitm পেকেইজ
libitm এ GNU লেন দেন মেমৰি লাইব্ৰেৰী অন্তৰ্ভুক্ত কৰে, যি কেইবাটাও থ্ৰেড দ্বাৰা অংশীদাৰী কৰা মেমৰিলে অভিগমৰ সংমিহলি সামৰ্থবান কৰিবলে প্ৰক্ৰিয়াৰ মেমৰিলে অভিগমৰ বাবে লেন দেন সমৰ্থন প্ৰদান কৰে।

Rsyslog ক মূখ্য সংস্কৰণ 5 লে আপডেইট কৰা হৈছে
Red Hat Enterprise Linux 5.9 এ এটা নতুন rsyslog5 পেকেইজ অন্তৰ্ভুক্ত কৰে যি rsyslog ক মূখ্য সংস্কৰণ 5 লে উন্নত কৰে।

গুৰুত্বপূৰ্ণ

rsyslog5 পেকেইজ স্থায়ী rsyslog ৰ এটা বিকল্প যি Red Hat Enterprise Linux 5 ত rsyslog ৰ মূখ্য সংস্কৰণ 3 প্ৰদান কৰে। rsyslog5 পেকেইজ ইনস্টল কৰিবলে, rsyslog পেকেইজ প্ৰথমতে আনইনস্টল কৰিব লাগিব।

rsyslog ৰ মূখ্য সংস্কৰণ 5 লে উন্নয়নে কেইবাটাও সম্প্ৰসাৰন আৰু কেইবাটাও বাগ ঠিক কৰে। নিম্নলিখিত হল আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তনসমূহ:
  • $HUPisRestart নিৰ্দেশ আতৰোৱা হৈছে আৰু এতিয়া সমৰ্থিত নহয়। পুনৰাম্ভ-ধৰণ HUP প্ৰক্ৰিয়াকৰণ সেয়েহে আৰু উপলব্ধ নহয়। এতিয়া, যেতিয়া SIGHUP সংকেত গ্ৰহণ কৰা হয়, আউটপুটসমূহ (বেছিৰভাগ ক্ষেত্ৰত লগ ফাইলসমূহ) কেৱল লগ ঘূৰ্ণন সমৰ্থনৰ বাবে পুনৰ-খোলা হয়।
  • স্পুল ফাইলসমূহৰ বিন্যাস (উদাহৰণস্বৰূপ, ডিস্ক-সহযোগিত শাৰীসমূহ) সলনি হৈছে। নতুন বিন্যাসলে যাবলে, স্পুল ফাইলসমূহ ড্ৰেইন কৰক, উদাহৰণস্বৰূপ, rsyslogd বন্ধ কৰি। তাৰ পিছত, Rsyslog উন্নয়নৰ সৈতে আগবাঢ়ক, আৰু rsyslogd পুনৰাম্ভ কৰক। এবাৰ উন্নয়ন হোৱাৰ পিছত, নতুন বিন্যাস স্বচালিতভাৱে ব্যৱহাৰ কৰা হয়।
  • যেতিয়া rsyslogd ডিমন ডিবাগ অৱস্থাত চলি আছিল (-d বিকল্প ব্যৱহাৰ কৰি), ই পুৰভূমিত চলি আছিল। ইয়াক এতিয়া ঠিক কৰা হৈছে আৰু ডিমনক এতিয়া ফৰ্ক কৰা হৈছে আৰু ই এতিয়া পটভূমিত চলে, যেনেকা প্ৰত্যাশিত। মন কৰিব যে -n বিকল্পক ব্যৱহাৰ কৰা যাব পাৰে যাতে rsyslogd স্বচালিতভাৱে পটভূমিত আৰম্ভ নহয়।

Rsyslog ৰ এই সংস্কৰণত কৰা পৰিবৰ্তনসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, http://www.rsyslog.com/doc/v5compatibility.html চাওক।

পুনৰীক্ষণৰ ইতিহাস

পুনৰীক্ষণৰ ইতিহাস
পুনৰীক্ষণ 1-0.2.4Tue Dec 11 2012Ankitkumar Patel
Updated translation messages on behalf of Nilamdyuti
পুনৰীক্ষণ 1-0.2.3Tue Dec 11 2012Nilamdyuti Goswami
Release of Red Hat Enterprise Linux 5.9 Release Notes in Assamese
পুনৰীক্ষণ 1-0.2.2Tue Dec 11 2012Nilamdyuti Goswami
Added entry to Revision History for Assamese language
পুনৰীক্ষণ 1-0.2.1Tue Dec 11 2012Chester Cheng
Translation files synchronised with XML sources 1-0.2
পুনৰীক্ষণ 1-0.2Tue Dec 11 2012মাৰ্টিন পৰপ'চ
Red Hat Enterprise Linux 5.9 উন্মোচন টোকাসমূহৰ উন্মোচন
পুনৰীক্ষণ 1-0.1Mon Sep 24 2012Martin Prpič
Translation files synchronised with XML sources 1-0
পুনৰীক্ষণ 1-0Thu Sep 20 2012মাৰ্টিন পৰপ'চ
Red Hat Enterprise Linux 5.9 Beta উন্মোচন টোকাসমূহৰ উন্মোচন